অসম

assam

বিশ্বনাথৰ জিনজিয়াত অবৈধ অৰুণাচলী সুৰা জব্দ

By

Published : Nov 29, 2019, 10:11 PM IST

জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধীৰ নেতৃত্বত চলা অভিযানত সুৰাৰ ব্যৱসায়ী কেইজনে অভিযানৰ উমান পাই পলায়ন কৰে । সম্প্ৰতি আৰক্ষীয়ে জব্দকৃত সুৰাখিনি জিনজিয়া আৰক্ষী থানাত মজুত ৰাখিছে বুলি জানিব পৰা গৈছে ।

অবৈধ অৰুণাচলী সুৰা
অবৈধ অৰুণাচলী সুৰা

বিশ্বনাথ, 29 নৱেম্বৰ: সম্প্ৰতি বিহালী সমষ্টিৰ অলীয়ে গলীয়ে চলি থকা অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে শুকুৰবাৰে ব্যাপক অভিযান চলোৱা হয় জিনজিয়া আৰক্ষীয়ে। জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰতোৱা,শ'লমাৰী,মিজিকা,নিউলাইন,লাহৰীজান আদি কেইবা ঠাইত শুকুৰবাৰে সন্ধিয়া জিনজিয়া আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৫০ হাজাৰ টকাৰ অবৈধ অৰুণাচলী সুৰা আৰু চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয় ।

অবৈধ অৰুণাচলী সুৰা

জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধীৰ নেতৃত্বত চলা এই অভিযানৰ উমান পায় পলায়ন কৰে সুৰা ব্যৱসায়ী কেইজনে । সম্প্ৰতি আৰক্ষীয়ে জব্দকৃত সুৰাখিনি জিনজিয়া আৰক্ষী থানাত মজুত ৰাখিছে বুলি জানিব পৰা গৈছে ।

অবৈধ অৰুণাচলী সুৰা

লগতে পঢ়কঃগোলাঘাটত অধিবক্তা আৰু আৰক্ষীয়েও ভৰিলে জৰিমনা

ABOUT THE AUTHOR

...view details