চতিয়া, 8 চেপ্তেম্বৰ: "এইবাৰ পূজা ন'হলে আমাৰ অৱস্থা পানীত হাঁহ নচৰা হ'ব ৷ আগতে বিশ্বকৰ্মাৰ মূৰ্তি 110টা বনাইছিলো,এইবাৰ মাত্ৰ 50টা বনাইছো,দুৰ্গাৰ মূৰ্তি আমি 30টাকৈ তৈয়াৰ কৰো ৷ কামত লাগিছো যদিও এতিয়ালৈকে কোনো অৰ্ডাৰ নাই ৷ এতিয়া চৰকাৰৰ সিদ্ধান্ত আৰু ৰাইজে পূজা কৰে নে নকৰে তাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব ৷" এইয়া কোভিড-19 মহামাৰীয়ে আৰ্থিকভাৱে জুৰুলা কৰি তোলা এগৰাকী মৃৎ শিল্পীয়ে নিজ ভৱিষ্যতক লৈ সন্দিহান হৈ কৰা এক মন্তব্য ৷
ভৱিষ্যতক লৈ সন্দিহান মূৰ্ত্তি নিৰ্মাতা লকডাউনৰ ফলত এতিয়া পেটৰ ভাতমুঠি যোগাৰ কৰাক লৈ অনিশ্চয়তাত ভুগিছে দৈনিক শ্ৰমজীৱিসকল ৷ সমগ্ৰ বিশ্বক স্তব্ধ কৰি তোলা মহামাৰীৰ কৱলত এতিয়া মৃৎ শিল্পীসকলৰ জীৱনলৈ যেন নামি আহিছে অমানিশা ৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মা মনসা শিল্পালয়,জয়-গুৰু শিল্পালয় আদিকে কৰি বহুকেইখন শিল্পালয়ৰ মৃৎশিল্পীসকলৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত এতিয়া কৰ'ণা ভাইৰাছৰ মৃত্যুধ্বনি হৈ ধৰা দিছে ৷
বিশ্বকৰ্মা পূজা,দুৰ্গা পূজা আৰু মনসা পূজাৰ প্ৰাকক্ষনত বছৰৰ এই সময়ছোৱাতে অধিক ব্যস্ত হৈ পৰে মূৰ্তি নিৰ্মাণ কৰা মৃৎ শিল্পীসকল ৷ কিন্তু এইবছৰ কোনোধৰণৰ ব্যস্ততা নেদেখি হতাশগ্ৰস্ত হৈ পৰিছে এইসকল শিল্পী ৷ বহু বছৰ ধৰি বৃহত্তৰ জামুগুৰিহাটৰ মা মনসা শিল্পালয়ৰ গৰাকী মৃৎশিল্পী ববি দাস নামৰ মহিলাগৰাকীৰ লগত সহযোগী হিচাবে আন কেইবাগৰাকী মহিলাই বছৰটোৰ বিভিন্ন সময়ত অঞ্চলটোত আয়োজিত পূজা পাৰ্বন আদিৰ বাবে মূৰ্তি বনোৱা কাম কৰি আহিছিল ৷ কিন্তু এইবাৰ এতিয়ালৈকে কোনো ধৰণৰ অৰ্ডাৰ লাভ নকৰাত কেনেকৈ পৰিয়াল পোহপাল দিব তাকে লৈ অনিশ্চয়তাত দিন পাৰ কৰিছে এইসকল শিল্পীয়ে ৷
ভৱিষ্যতক লৈ সন্দিহান মূৰ্ত্তি নিৰ্মাতা অৱশ্যে ভাগ্যক সাৰোগত কৰি অন্য বছৰৰ তুলনাত কমকৈ হ'লেও মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে এইসকল শিল্পী ৷ সকলোৰে আশা অতি সোনকালে সকলোবোৰ সুস্থিৰ হওঁক,ঘূৰি আহক পূৰ্বৰ স্বাভাৱিক জীৱন যাত্ৰা ৷
লগতে পঢ়ক:আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 94 সংখ্যক জন্মদিন