বিহালী, 10 মাৰ্চ:আৰোহণ, আৰবিএলৰ ঋণেই হ'ল কাল এগৰাকী দুৰ্ভগীয়া নাৰীৰ ৷ ৰাজ্যত মাইক্ৰ’ ফাইনেন্সৰ বেংক প্ৰতিষ্ঠান সমূহৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকা সময়তে বিশ্বনাথৰ বিহালীত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা ৷ মাইক্ৰ’ ফাইনেন্সৰ কিস্তিকলৈ কেন্দ্ৰ কৰি এগৰাকী মহিলাক স্বামীয়ে হত্যা কৰা ঘটনা পোহৰলৈ আহিছে । ঘটনা অনুসৰি বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বৰাজুলি নেপালী গাঁও টেলেঙা বস্তিত সংঘটিত হৈছে এই হত্যাকাণ্ড ৷ দেওবাৰে নিশা স্বামীয়ে পত্নীক কোৰেৰে মৰিয়াই মৰিয়াই নৃশংস ভাৱে হত্যা কৰা ঘটনাই অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ৰীতা তেলেঙা নামৰ মহিলাগৰাকীৰ (30) স্বামী ৰঞ্জিত তেলেঙাই নিজ গৃহত হত্যা কৰে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ।
আনহাতে স্বামী-স্ত্রী দুয়োজনেই দেওবাৰে সন্ধিয়া পৰৰ পৰাই কাজিয়াত লিপ্ত হৈছিল বুলি কয় স্থানীয় লোকে ৷ ৰীতাৰ ককায়েক ৰঞ্জয় তেলেঙাই জনোৱা মতে, ৰীতাই মাইক্ৰ’ ফাইনেন্স নামৰ প্ৰতিষ্ঠান সমূহৰ পৰা 20 হাজাৰ আৰু 30 হাজাৰ মুঠ 50 হাজাৰ টকা ঋণ লৈছিল । সেই টকাৰ কিস্তিৰ ধন পৰিশোধ কৰাক লৈ স্বামী-স্ত্রী মাজত সৃষ্টি হৈছিল তীব্ৰ বাক বিতণ্ডা ৷