অসম

assam

ETV Bharat / state

Flood in Biswanath : ঘিলাধাৰী নৈৰ ওপৰত থকা পকী দলঙত বৃহৎ ফাঁট - ঘিৰাধাৰি নৈত অবাধে খনন

ঘিলাধাৰী মাজুলীগড় সংযোগী পথৰ ঘিলাধাৰী নৈৰ পকী দলঙত বৃহৎ ফাঁট (Huge crack in pavi bridge) ৷ যিকোনো মূহুৰ্ততে দলংখন ভাঙি যোৱাৰ শংকা প্ৰকট হৈ উঠিছে ৷ এনে পৰিপেক্ষিতত জিলা প্ৰশাসনৰ তৰফৰ পৰা যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয় ৷

ঘিৰাধাৰি নৈ পকী দলঙত বৃহৎ ফাঁট
ঘিৰাধাৰি নৈ পকী দলঙত বৃহৎ ফাঁট

By

Published : Jun 22, 2022, 7:04 PM IST

বিশ্বনাথ, ২২ জুন : ৰাজ্যত এতিয়াও মাৰ যোৱা নাই বানৰ ভয়াৱহতা (Flood in Assam) ৷ বছৰৰ দ্বিতীয়টো বানে সকলো এফালৰ পৰা তহিলং কৰি নিছে ৷ কাৰোবাৰ যদি আপোন ঘৰখন এই বানে উটুৱাই নিছে, আন কাৰোবাৰ আকৌ সপোনৰ খেতিডৰা তহিলং কৰিছে ৷ এক প্ৰকাৰে বন্যাৰ্তৰ মৰ্ম বেদনা কুলাই পাচিয়ে নধৰা হৈছে ৷

এই বানত এতিয়া বিশ্বনাথ জিলাৰো ভিন্ন ক্ষেত্ৰৰ বিস্তৰ ক্ষতি সাধন হৈছে (Flood in Biswanath) ৷ বানৰ প্ৰবল সোঁতত ভাঙি যোৱাৰ উপক্ৰম হৈছে বিশ্বনাথৰ বৰপাম আৰু মাজুলিগঁড় সংযোগী পথৰ এখন দলং ৷ কিয়নো দলঙৰ এটা খুঁটা তললৈ সোমাই যোৱাৰ ফলত দলংখনৰ মাজ ভাগটো বহি যায় ৷ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা (Huge crack in Pavi bridge) ৷

ঘিৰাধাৰি নৈ পকী দলঙত বৃহৎ ফাঁট

তথ্য অনুসৰি, ইতিমধ্যে বিশ্বনাথৰ লোক নিৰ্মাণ বিভাগে পথটোৰে যাতায়ত সম্পূৰ্ণ বন্ধ কৰি দিছে ৷

কিন্তু এই পথচোৱা বন্ধ কৰি দিয়াৰ ফলত পথটোৰে পাৰাপাৰ হ’ব লগা যাত্ৰীসকলে এতিয়া যমৰ যাতনা ভোগ কৰিব লগাত পৰিছে । কিয়নো এই দলংখনেৰে পাৰ হৈ যোৱা পথটোৱেই হৈছে বিশ্বনাথ চাৰিআলিৰ পৰা শোণিতপুৰ জিলালৈ একমাত্ৰ যাতায়াত সংযোগ ব্যৱস্থা ৷ এই পথচোৱা বন্ধ হৈ পৰাৰ ফলত চিকিৎসা সেৱাকে আদি কৰি জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে ।

ইফালে স্থানীয় ৰাইজৰ অভিযোগ, দলংখনৰ নিচেই কাষতে চাৰিলাইন যুক্ত পথ নিৰ্মাণ সংস্থাৰ কামত নিয়োজিত ঠিকাদাৰে নৈখনত অবাধে খনন (Illegal digging at Ghiladhari River) চলাই অহাৰ ফলত নৈৰ গতি পথ সলনি হৈছে ৷ এনে বিভিন্ন কাৰণৰ ফলতেই দলংখনৰ খুঁটা বহি যোৱা বুলি উল্লেখ কৰিলে অঞ্চলটোৰ ৰাইজে । এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষক কঠোৰ দৃষ্টি নিক্ষেপ কৰাৰ লগতে দলংখন মেৰামতিৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :প্ৰকৃতিৰ কালৰূপ: এনিশাৰ ভিতৰতে নদীৰ বুকুত বিলীন হ'ল 10 বিঘা চাহ বাগান

ABOUT THE AUTHOR

...view details