চতিয়া,29 মাৰ্চ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত ফাকুৱা উৎসৱ পালন কৰাৰ দৰে জামুগুৰিহাটৰ শলগুৰিৰ ৰাইজেও পালন কৰিছে ফাকুৱা ৷ সম্পূৰ্ণ সামাজিক নীতি-নিয়মৰে বহু বছৰৰ পৰা পালন কৰি আহিছে এই উৎসৱ ৷ চেউনী বট্ৰদোৱা থানত সামাজিক নীতি-নিয়ম ৰক্ষা কৰি শনিবাৰে দেউলৰ লগত সংগতি ৰাখি পালন কৰা হয় গন্ধসৎৱ (মেঘদাহ) ৷ দেওবাৰে বৃহত্তৰ শলগুৰি চাৰি চুবুৰিৰ ৰাইজে গায়ন-বায়নৰ খোল-তাল,দবা, কাঁহ-শংখ ধ্বনিৰে থানৰ পৰা গোঁসাইক শলগুৰি দৌলগুৰি পথাৰলৈ সজাই-পৰাই উলিয়াই নি ফাকুৱা মণ্ডপত প্ৰতিষ্ঠা কৰে ৷ তাৰ পিছৰে পৰা নৈবেদ্য আগবঢ়াই পালন কৰা হয় দৌলোৎসৱ ৷
লোকবিশ্বাস অনুসৰি, মহাপ্ৰভূ কৃষ্ণই ঘুনুচাৰ বাৰিলৈ যোৱাৰ বাবে ঘৰত পলমকৈ সোমাব বিচৰাত লক্ষ্মী দেৱীৰ লগতে অনুচৰসকলে বাক-বিতণ্ডাৰ লগতে দন্দ্বযুদ্ধত লিপ্ত হৈছিল ৷ অনুৰূপ পৰম্পৰা সুঁৱৰি শলগুৰিৰ চাৰিটা খণ্ডত এই নিয়ম পালন কৰা হ’ব ৷ ৰাইজৰ পদূলিয়ে পদূলিয়ে গোঁসাই ফুৰোৱা হ’ব ৷ গোঁসাই চুক, ভেটখোৱা চুক, ওপৰৰ কুৰি আৰু তামূলী চুক-এই চাৰি চুবুৰী ঘূৰি আহি যেতিয়া চেউনী বট্ৰদোৱা থানত গোঁসাই প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিব, স্থানীয় ৰাইজে আকৰ্ষণীয় ৰূপত ঘুনুচাৰ বাৰীৰ কাহিনীভাগ উপস্থাপন কৰিব ৷