ৰঙাপাৰা, 17 অক্টোবৰ: ৰঙাপৰা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি দলৰ প্ৰচাৰ অভিযান অব্যাহত ৷ বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰঙাপৰা সমষ্টিৰ ফুলবাৰী চাহ বাগিছাৰ চালানত উপস্থিত হৈ চাহ শ্ৰমিক ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ পাছত আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে হেলিকপ্টাৰেৰে ৰঙাপৰালৈ যায় ৷ ৰঙাপাৰাৰ তাৰাজুলি চাহ বাগিচাত হেলিকপ্টাৰেৰে অৱতৰণ কৰাৰ পাছত উক্ত চাহ বাগিচাৰ জুলি ডিভিজনৰ চালানত উপস্থিত হৈ চাহ শ্ৰমিকৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷
চৰকাৰে চাহ শ্ৰমিকসকলক বিনামূলীয়াকৈ চাউল দিয়াৰ ব্যৱস্থা কৰিছে ৷ এতিয়া মাহত 2 কেজিকৈ চেনি আৰু বিনামূলীয়াকৈ ঔষধ-পাতি যোগান ধৰাৰো ব্যবস্থা কৰিছে ৷ এই সকলোবোৰৰ উপৰিও চাহ শ্ৰমিকসকলৰ আন আন প্ৰয়োজনীয়তা সমূহো বিজেপি চৰকাৰে পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে চৰকাৰে চাহ শ্ৰমিকৰ একাউণ্টত দুটা কিস্তিত সুমুৱাই দিয়া ২৫০০ শ টকা শ্ৰমিক ৰাইজে পালে নে নাই বুলি চালানত উপস্থিত থকা শ্ৰমিকক সোধাত একাংশ শ্ৰমিকে পইচা সমূহ একাউণ্টত সোমাইছে যদিও উলিয়াব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সেই টকাখিনিও উলিয়াই দিয়াৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷