অসম

assam

ETV Bharat / state

এটা ফোন কলত থৰকাছুটি হেৰাল বিশ্বনাথ জিলা প্ৰশাসনৰ...

কোৱাৰেণ্টাইনৰ নামত চৰম দায়িত্বহীন কাণ্ড সংঘটিত বিশ্বনাথ জিলা প্ৰশাসনৰ । প্ৰশাসনৰ দায়িত্বহীনতাৰ বাবে শাৰিৰীক অৱস্থা শোচনীয় ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সদানন্দ হাজৰিকাৰ ৷

Health minister phone call to biswanath administration
দায়িত্বহীন কাণ্ড বিশ্বনাথ জিলা প্ৰশাসনৰ

By

Published : Apr 13, 2020, 8:51 PM IST

বিশ্বনাথ,13 এপ্ৰিলঃবিশ্বনাথত প্ৰশাসনৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই শাৰিৰীক অৱস্থা শোচনীয় ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সদানন্দ হাজৰিকাৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি,সদানন্দ হাজৰিকাই পৰিয়ালৰ সৈতে বিগত ১৫ মাৰ্চত চিকিৎসাৰ বাবে চেন্নাইলৈ গৈছিল । ২২ মাৰ্চত চেন্নাইৰ পৰা উভটি আহি হাজৰিকাৰ পৰিয়ালটোৱে বিশ্বনাথৰ চিকিৎসক এজনৰ পৰামৰ্শ অনুসৰি হোম ‍কোৱাৰেণ্টাইনত থাকে ৷ কিন্তু হাজৰিকাৰ শৰীৰত তেজৰ অভাৱৰ বাবে চেন্নাইৰ চিকিৎসকে তেজ গ্ৰহণৰ বাবে পৰামৰ্শ প্ৰদান কৰে ৷ কিন্তু ১৪ দিনলৈ হোম ‍কোৱাৰেণ্টাইনত থকা বাবে তেজ ল’বলৈ সক্ষম নহয় প্ৰাক্তন অধ্যক্ষগৰাকী ৷

ইফালে,ব্যক্তি গৰাকীৰ শৰীৰত তেজৰ পৰিমাণ কমি যোৱাত স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৷ যাৰ বাবে পত্নী ড৹ মিনতি পাঠক হাজৰিকায়ে স্থানীয় স্বাস্থ্য বিভাগৰ লগতে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ এলিজা ডেকাক ফোনযোগে যোগাযোগ কৰে ৷ হাজৰিকাৰ পত্নীয়ে ৰুগীয়া স্বামীৰ বিষয়ে স্বাস্থ্য বিষয়া গৰাকীক অৱগত কৰি তেজ গ্ৰহণৰ অনুমতি বিচাৰে ৷ কিন্তু এই বিষয়ত কোনো সহায়-সহযোগ তথা পৰামৰ্শ লাভ নকৰে মিনতি হাজৰিকাই ৷ বাৰম্বাৰ অনুৰোধ স্বত্বেও কোনো সুদুত্তৰ লাভ নকৰাত ব্যক্তিগৰাকীৰ পত্নীয়ে অৱশেষত নিৰূপায় হৈ জিলা উপায়ুক্তৰ সৈতে বিষয় সন্দৰ্ভত যোগাযোগ কৰে ৷ উপায়ুক্ত গৰাকীয়ে এই সন্দৰ্ভত কোনো সহযোগ নকৰা বুলি সম্প্ৰতি অভিযোগ উত্থাপন কৰিছে ব্যক্তি গৰাকীৰ পত্নী মিনতি পাঠকে ৷

দায়িত্বহীন কাণ্ড বিশ্বনাথ জিলা প্ৰশাসনৰ

পৰিয়ালটোৱে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰকো বিষয়টো অৱগত কৰি কোনো সুফল লাভ নকৰে ৷ পৰৱৰ্তী সময়ত বিষয়টো সন্দৰ্ভে সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে ৷ সংবাদকৰ্মীৰ তৎপৰতাত স্বাস্থ্য মন্ত্ৰী গৰাকীক বিষয় সন্দৰ্ভত যোগাযোগ কৰি পৰিয়ালটোৱে সুফল লাভ কৰে ৷ স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ লাভৰ পিছতে পৰিয়ালটোৰ ওচৰত থিয় দিয়ে স্বাস্থ্য বিভাগৰ এটা দল ৷ কিন্তু মন্ত্ৰীৰ নিৰ্দেশৰ পিছতো বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ গৰাকীয়ে পৰিয়ালটোক বিভিন্ন ভয় দেখুৱাই কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ভাবুকি দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে ৷

লগতে চাওকঃনলবাৰীৰ শেহতীয়া পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details