অসম

assam

By

Published : May 24, 2021, 3:43 PM IST

ETV Bharat / state

আন্তঃ জিলা বন্ধক লৈ হাৱাজান আৰক্ষীৰ তৎপৰতা

বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ সীমান্তৰ গহপুৰৰ হাৱাজানত দিনে নিশাই সষ্টম হৈছে হাৱাজান আৰক্ষী চকীৰ আৰক্ষীসকল । ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত হাৱাজান আৰক্ষীয়ে ২৪ ঘন্টাই গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা ৷

corona virus
আন্তঃ জিলা বন্ধক লৈ হাৱাজান আৰক্ষীৰ তৎপৰতা

বিশ্বনাথ ২৪ মে': ক'ভিডৰ ভয়ানক পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে আন্তঃ জিলা যাতায়াত বন্ধ কৰাৰ পৰিপ্ৰেক্ষিতত গহপুৰত বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে আৰক্ষীয়ে । বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ সীমান্তৰ গহপুৰৰ হাৱাজানত দিনে নিশাই সষ্টম হৈ পৰিছে হাৱাজান আৰক্ষী চকীৰ আৰক্ষীসকল ৷

উপযুক্ত প্ৰমাণপত্ৰ অবিহনে লখিমপুৰ জিলাৰ পৰা বিশ্বনাথ জিলালৈ প্ৰৱেশ কৰিব বিচৰা যান-বাহনসমূহক ঘূৰাই পঠোৱাৰো ব্যৱস্থা কৰিছে আৰক্ষীয়ে । জিলা দুখনৰ সীমাৰ অঞ্চলটোত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত হাৱাজান আৰক্ষীয়ে ২৪ ঘন্টাই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । অৱশ্যে জৰুৰীকালীন সেৱাসমূহক এইক্ষেত্ৰত ৰেহাই দিয়া হৈছে ।

লগতে পঢ়ক: নপতা ফুকনৰ জন্ম নিদিব : বিধানসভাত মুখ্যমন্ত্ৰীক আহ্বান বিৰোধী দলপতিৰ

ABOUT THE AUTHOR

...view details