চতিয়া, ৫ মে' :ইটাখোলা উপ-আৰক্ষী চকীৰ অন্তৰ্গত তেজালপট্টিস্থিত টেঙাবস্তিত সোমবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । সোমবাৰে সন্ধিয়া উদ্ধাৰ হয় এটা হেণ্ড গ্ৰেনেড । গ্ৰেনেড উদ্ধাৰৰ ঘটনাই সমগ্ৰ ইটাখোলা অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্যৰ ।
খেলি থকা অৱস্থাত হেণ্ড গ্ৰেনেড উদ্ধাৰ শিশুৰ ! - চতিয়া
সৌভাগ্য ক্ৰমে ৰক্ষা পৰিল এটি শিশুৰ জীৱন । খেলি থকা অৱস্থাতে উদ্ধাৰ হেণ্ড গ্ৰেনেড । খেলা সামগ্ৰী বুলি লৈ ঘৰলৈ লৈ আহিল উদ্ধাৰকৃত বিস্ফোৰক । পৰিয়ালৰ লোকৰ দৃষ্টি পৰাত হে কথপমি প্ৰাণ ৰক্ষা শিশু তথা পৰিয়ালৰ বহু সদস্যৰ ।
জানিব পৰা মতে, গাওঁখনৰ এটি শিশু লক্ষ্মী লিম্বুয়ে (১৩) নিজ ঘৰৰ পৰা কিছু নিলগত থকা এখন তামোলৰ বাৰীত খেলি থকা অৱস্থাতে গ্ৰেনেডটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । উদ্ধাৰকৃত গ্ৰেনেডটো খেলাৰ সামগ্ৰী বুলি ঘৰলৈ লৈ আহিছিল শিশুটিয়ে ।
পিচত লক্ষ্মীৰ অভিভাৱকে গ্ৰেনেডটো প্ৰত্যক্ষ কৰিয়েই লগে-লগে ইটাখোলা আৰক্ষীক খবৰ দিয়ে । ইটাখোলা আৰক্ষীয়ে ঘটনাস্থলীত আহি গ্ৰেনেডটো উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ আনে । মামৰ লাগি থকা গ্ৰেনেডটো মঙলবাৰে বিস্ফোৰণ ঘটোৱা হ'ব বুলি আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছে । উল্লেখ্য যে, পৰিয়ালৰ দৃষ্টিগোচৰ হোৱা বাবেহে এক অঘটন সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল পৰিয়ালটো ।