বিশ্বনাথ, 23 ফেব্ৰুৱাৰী : বিহালীৰ বৰাজুলীত বাঘ খেদিবলৈ যোৱা এজন লোকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰক লৈ এতিয়া অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্য ৷ মঙলবাৰে এখন ব্যক্তিগত চাহ বাগিছাত অৰ্ধ গলিত অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটি(Half melted body recovered at Bihali) ৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বিহালীৰ বৰাজুলী গাঁৱত বাঘে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰাত সেই সময়ত নিজৰ পৰিয়ালক ঘৰৰ ভিতৰত থাকিবলৈ দি বাঘ খেদিবলৈ গৈ প্ৰায় 20 দিন পূৰ্বে নিৰুদ্দেশ হৈছিল লোকজন | পৰবৰ্তী সময়ত লোকজনক পৰিয়ালবৰ্গই বিচাৰ খোচাৰ কৰাৰ লগতে আত্মীয় স্বজনকো যোগাযোগ কৰি খবৰ লোৱাৰ পাছতো কোনো সন্ধান লাভ কৰা নাছিল । কিন্তু মঙলবাৰে হঠাৎ নিৰুদ্দেশ হোৱা লোকজনৰ মৃতদেহ এখন চাহ বাগিছাৰ মাজত মুণ্ডহীনভাৱে অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ বিহালীত ।