চতিয়া, 28 মাৰ্চঃৰাজ্যত লক ডাউনৰ সময়ছোৱাত যাতে চতিয়া সমষ্টিত অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ'ব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ শনিবাৰে সমষ্টিটোৰ জামুগুৰিহাটৰ গেলামালৰ দোকান পৰিদৰ্শন কৰি চতিয়াৰ বিধায়ক গৰাকীয়ে ৷ দোকানত খাদ্য সামগ্ৰী মজুত আছে নে নাই সেই সন্দৰ্ভত দোকানৰ গৰাকীৰ পৰা বুজ লোৱাৰ লগতে এই সংকটৰ সময়ত যাতে গ্ৰাহকৰ পৰা সামগ্ৰীৰ অত্যাধিক দাম নলয় তাৰ বাবে দোকানীসকলক সতৰ্ক কৰি দিয়ে বিধায়ক গৰাকীয়ে ৷
চতিয়াত গেলামালৰ দোকান পৰিদৰ্শন বিধায়ক পদ্ম হাজৰিকাৰ - পদ্ম হাজৰিকা
এই সংকটৰ সময়ত যাতে কোনো দোকানীয়ে গ্ৰাহকৰ পৰা সামগ্ৰী ক্ৰয়ৰ নামত অধিক মূল্য ল'ব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ নজৰ দিয়ে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ শনিবাৰে সমষ্টিটোৰ কেইবাখনো গেলামালৰ দোকান পৰিদৰ্শন কৰি কোনো দোকানীয়ে যাতে এনে সময়ত সামগ্ৰীৰ অত্যাধিক দাম নলয় তাৰ বাবে সতৰ্ক প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷
বিধায়ক পদ্ম হাজৰিকা