অসম

assam

ETV Bharat / state

চত্ৰং নদীৰ খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

গহপুৰৰ চত্ৰং নদীৰ খহনীয়া পৰিদর্শন কৰি নৈপৰীয়া অঞ্চলসমূহৰ সাম্প্ৰতিক স্থিতিৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই । নৈপৰীয়া ৰাইজক সাম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণৰ বাবে বিভাগীয় বিষয়া কৰ্মচাৰীক নিৰ্দেশ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই ।

piyush hazarika
চত্ৰং নদীৰ খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ

By

Published : May 30, 2021, 1:40 PM IST

বিশ্বনাথ,30 মে':অসম চৰকাৰ নতুন মন্ত্ৰীসভাই দায়িত্ব লোৱাৰ পিছতে দুই-এজন মন্ত্ৰী যথেষ্ট সক্ৰিয় হোৱা দেখা গৈছে । বিভিন্ন জিলালৈ গৈ নিজৰ বিভাগৰ বুজ লৈছে মন্ত্ৰীসকলে । বাৰিষা অহাৰ লগে লগে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন স্থানৰ সাম্ভাব্য বান পৰিস্থিতিৰ বুজ লৈছে ।

চত্ৰং নদীৰ খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

শনিবাৰে সন্ধিয়া গহপুৰ সমষ্টিত উপস্থিত হয় মন্ত্ৰীগৰাকী । সমষ্টিটোৰ চত্ৰং নদীৰ খহনীয়া পৰিদর্শন কৰি নৈপৰীয়া অঞ্চলসমূহৰ সাম্প্ৰতিক স্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে । নৈপৰীয়া ৰাইজক সাম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীক নিৰ্দেশ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই ।

চত্ৰং নদীৰ খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ইফালে পৰিদৰ্শনৰ সময়ত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাসহ বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:মূল্যবৃদ্ধিক লৈ সৰৱ অসম জাতীয় পৰিষদ

ABOUT THE AUTHOR

...view details