অসম

assam

ETV Bharat / state

সান্ধ্য আইনৰ মাজতে খোদ আৰক্ষী থানাৰ সমীপতে চোৰৰ তাণ্ডৱ - চোৰৰ তাণ্ডৱ

গহপুৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চোৰৰ তাণ্ডৱ ৷ আৰক্ষী থানাৰ পৰা মাত্ৰ 100 মিটাৰৰ দূৰত্বৰ ভিতৰত ৮ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান লণ্ডভণ্ড কৰিলে চোৰৰ ৷

gohpur-stolen-incident-in-daily-market
সান্ধ্য আইনৰ মাজতে খোদ আৰক্ষী থানাৰ সমীপতে চোৰৰ তাণ্ডৱ

By

Published : May 19, 2021, 10:30 PM IST

বিশ্বনাথ, ১৯ মে':কাৰফিউৰ সুযোগ লৈ গহপুৰ নগৰৰ দৈনিক বজাৰৰ ৮ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা চোৰে চলালে চাফাই অভিযান । একেটা চুৰি কাণ্ডত চোৰে বিভিন্ন সামগ্ৰীৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ কেচ বাকচ ভাঙি নগত ধন লৈ উধাও হয় ৷

উল্লেখযোগ্য যে, গহপুৰ আৰক্ষী থানাৰ পৰা মাত্ৰ ১০০ মিটাৰ ওচৰত থকা দৈনিক বজাৰখনত চোৰে চুৰি কাণ্ড সংঘটিত কৰা কাৰ্যই গহপুৰ নগৰত আৰক্ষী কিমান সতৰ্ক ইয়াৰ ওপৰতো অৱতাৰণা কৰিছে প্ৰশ্ন ৷

যিটো সময়ত সমগ্ৰ ৰাজ্যত ক’ভিড ১৯ ৰ লগত ৰাইজে যুঁজ দি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে তেনে এটা সময়তে গহপুৰ নগৰৰ মাজমজিয়াত ৮ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰি কাণ্ড সংঘটিত হোৱাত ব্যৱসায়ী সকল আতংকগ্ৰস্ত হোৱাৰ সমানেই আশ্বৰ্যচকিত হৈ পৰিছে নগৰ খনৰ ব্যৱসায়ী সকল ।

দিনে নিশাই আৰক্ষী গিজগিজাই থকাৰ সময়তে কিদৰে চোৰে চুৰি কাৰ্য্য সংঘটিত কৰিব পাৰিলে তাক লৈ এতিয়া ব্যৱসায়ী সকলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । মহামাৰীৰ সময়ত কিদৰে নগৰৰ মাজ-মজিয়াত চোৰে আৰক্ষীৰ চকুত ধুলি দি বিচৰণ কৰি ফুৰি এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে তাকলৈয়ো নগৰ খনৰ সচেতন ৰাইজৰ মাজত অৱতাৰণা হৈছে এক উত্তৰবিহীন প্ৰশ্নৰ ৷

লগতে পঢ়ক :কি এই ব্লেক ফাংগাছ ? কৰিবলগীয়া আৰু নকৰিবলগীয়...

ABOUT THE AUTHOR

...view details