বিশ্বনাথ, ১৯ ডিচেম্বৰ :এক শিহৰণকাৰী ঘটনা ৷ কথা কটাকটিতে দুজন মানুহক হানি-খুচি হত্যা কৰা হ’ল ৷ পিতা-পুত্ৰ দুয়োকে একেদিনাই চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰা হ’ল ৷ কিয় জানেনে, মাত্ৰ এটা প্ৰশ্নৰ বাবেই ! দুজন ব্যক্তিৰ মাজত লাগি থকা তৰ্ক-বিতৰ্কত সোমাই প্ৰাণ হেৰুৱালে পিতা-পুত্ৰ দুয়োৱে ৷ এনেকুৱাতে ভাবিবলৈ বাধ্য যে, কাৰোবাৰ সহায়ৰ বাবে নাইবা সঁচা কথাতে মাত মাতিবলৈ যাব লাগে জানো আজিকালি ? প্ৰাপ্ত খবৰ অনুসৰি, গোটেই হত্যাকাণ্ডৰ ঘটনাটো জড়িত হৈ আছে অবৈধ প্ৰেমৰ সৈতে ৷
দেওৰেক-বৌৱেকৰ অবৈধ প্ৰেমৰ পৰিণতিতে গহপুৰত পিতা পুত্ৰক হানি খুচি হত্যা কৰা হ’ল ৷ সোমবাৰে নিশা বিশ্বনাথ জিলাত গহপুৰ মহকুমাৰ পূৱ কলাবাৰী দেউৰীচুকত সংঘটিত হয় এই অদ্ভুত কাণ্ড । স্থানীয় লোকে বৰ্ণনা কৰা অনুসৰি, সোমবাৰে পূৱ কলাবাৰী দেউৰীচুকত অনুষ্ঠিত হোৱা ৰাস উপভোগ কৰিবলৈ গৈছিল গাঁওখনৰ নিৱাসী হিতেশ্বৰ শইকীয়া (৪৭) আৰু তেওঁৰ পুত্ৰ সীমান্ত শইকীয়াই (২৫) । ৰাস চলি থকা সময়তে ঘটিল অঘটনটো ।
গাঁওখনৰে বাসিন্দা কৃষ্ণ বৰদলৈ ৷ তেওঁৰ আছে দুজন পুতেক, বৰ পুতেক গৌতম আৰু সৰু পুতেক অকণ ৷ সৰু পুতেকৰ অকণ বৰদলৈৰ লগত তেওঁৰ বোৱাৰী মুনু বৰদলৈৰ সম্পৰ্ক থকাৰ কথা গাঁৱৰ সকলোৰে মুখে মুখে ৷ এই গোটেই হত্যাকাণ্ডটো বৌৱেক-দেওৰেকৰ অবৈধ সম্পৰ্কৰ ফলতে হ’ল বুলি সকলোৱে মত প্ৰকাশ কৰিছে ৷ দৰাচলতে ৰাসলৈ বুলি যোৱাৰ সময়তে সীমান্ত শইকীয়াই অকণ বৰদলৈ আৰু মুনু বৰদলৈৰ মাজত বাক-বিতণ্ডা চলি থকা দেখা পাই কাজিয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰে ৷ জানিব পৰা মতে, মুনু বৰদলৈয়ে ৰাসত অসুৰৰ ভাও লোৱাৰ কথা ৷ স্বামীয়ে দিছে অনুমতি, কিন্তু অনুমতি নাই দেওৰেকৰ ৷ সেই কথাটোতে লাগি থকা তৰ্কাতৰ্কিত সীমান্তই মুনু বৰদলৈৰ হকে মাত মতাত ক্ৰোধত একো নাই হৈ অকণে পুত্ৰ মদন বৰদলৈৰ সহযোগত সীমান্তক হত্যা কৰে ৷