অসম

assam

ETV Bharat / state

পুৰুষ দৰে সমানে সমানে কাম কৰা এগৰাকী বিশেষ যুৱতী - জানমণিয়ে নিজৰ বিবাহ

যুৱতী হৈয়ো পুৰুষৰ দৰে সমানে সমানে কাম কৰি নাৰী শক্তিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে গহপুৰৰ এগৰাকী যুৱতীয়ে । ডাঙৰী কঢ়িওৱা, তামোল গছত উঠি পান ছিঙাকে ধৰি বিভিন্ন কৰ্ম কৰি নাৰী যে কোনো কালে অৱলা নহয় সেয়া স্পষ্ট প্ৰমাণ কৰিলে গহপুৰৰ এগৰাকী যুৱতীয়ে ।

gohpur-girl-make-herself-as-man
পুৰুষ দৰে সমানে সমানে কাম কৰা এগৰাকী বিশেষ যুৱতী

By

Published : Nov 25, 2020, 7:12 PM IST

বিশ্বনাথ,25নৱেম্বৰঃ গহপুৰৰ ককিলা নাহৰণীৰ যুৱতী জানমণি বৰাই জনা বুজা হোৱা বয়ষৰ পৰাই নিজকে যুৱতী হিচাপে নহয়, এগৰাকী (যুৱক)পুৰুষ হিচাপেহে গণ্য কৰি আহিছে । কোনো দিনে যুৱতী অথবা মহিলাই পৰিধান কৰা সাজপাৰ নিপিন্ধা জানমণিয়ে যুৱক সকলে পৰিধান কৰা সাজপাৰ পিন্ধিয়েই পুৰুষৰ দৰে সকলো কাম কৰি আহিছে । নিজকে এজন পুৰুষ হিচাপেই গঢ় দি লোৱা জানমনিয়ে পথাৰৰ পৰা ডাঙৰী কঢ়িওৱা, তামোল গছত উঠি তামোল পাণ চিঙা, বাঁহৰ বিভিন্ন কাম-কাজ কৰা, খেতিত কোৰ মৰা আদি বিভিন্ন কাম হেলাৰঙে কৰি আহিছে।

পুৰুষ দৰে সমানে সমানে কাম কৰা এগৰাকী বিশেষ যুৱতী

উল্লেখযোগ্য যে, ঘৰখনৰ এজন পুৰুষে কৰিব লগা সকলো কাম-কাজতে পাকৈত জানমণিয়ে নিজৰ বিবাহৰ কথা চিন্তা নকৰি নিজৰ ভৰিত নিজেই থিয় দিয়া চেষ্টাৰে এখন থলুৱা কুকুৰা আৰু ব্ৰইলাৰ ফাৰ্ম, মৎস্য পালনৰ উপৰিও দুজনীকৈ জাৰ্চী গাই পালন কৰি দানা দিয়া, ঘাঁহ কটাৰ কাম কৰাৰ উপৰিও নিজে গাখীৰ খীৰাই মটৰ চাইকেল চলাই হোটেলত বিক্ৰীও কৰে। নিজৰ উপাৰ্জনেৰে এখন চাৰিচকীয়া টেম্পু ক্ৰয় কৰি লোৱা জানমণি টেম্পুখনৰ ভাড়া মাৰে । পিতৃৰ মৃত্যুৰ পাছৰে পৰা নিজৰ পৰিয়ালটোত এজন পুৰুষৰ দৰেই সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়াই অহা জানমণিয়ে বৰ্তমান ৩৯ বছৰ বয়স অতিক্ৰম কৰিছে ।

পুৰুষ দৰে সমানে সমানে কাম কৰা এগৰাকী বিশেষ যুৱতী
লগতে পঢ়কঃএদিনত 1 লাখ কোভিড প্ৰতিষেধক দিবলৈ সাজু এপ’ল’ হাস্পতাল

ABOUT THE AUTHOR

...view details