বিশ্বনাথ, ২৪ মাৰ্চ: বদলিৰ নিৰ্দেশ অমান্য কৰাৰ অভিযোগত নিলম্বিত হ'ল পুৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়া । বিগত ২৬ বছৰে উক্ত কাৰ্যালয়তে কাৰ্যনিৰ্বাহ কৰি থকা বিষয়াগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগো উত্থাপিত হৈছিল । চৰকাৰী আঁচনি ৰূপায়ণৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে পৰমানন্দ শইকীয়াৰ বিৰুদ্ধে ।
২৪ বছৰ তেওঁ পঞ্চায়ত সম্প্ৰসাৰণ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে যোৱা দুটা বছৰ পুৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে । সমাগত বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ আগ মূৰ্হতত পৰামন্দ শইকীয়াক ৰঙিয়ালৈ বদলিৰ নিৰ্দেশ দিয়া হৈছিল অসম চৰকাৰৰ তৰফৰ পৰা । কিন্তু নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি উক্ত বদলিৰ নিৰ্দেশনালৈ বুঢ়া আঙুলি দেখুৱাই পৰামন্দ শইকীয়াই ৰঙিয়াত যোগদান নকৰি পুৱ ছয়দুৱাৰ উন্নয়ন খণ্ডতে অকতৃত্বশীলভাৱে খণ্ড উন্নয়ন বিষয়াৰ আসন দখল কৰি থাকে ।
আনকি, তেওঁৰ স্থানত স্থলাভিষিক্ত হোৱা লখিমপুৰৰ বিডিঅ'জনকো তেওঁ দায়িত্ব এৰি নিদিলে । নিৰ্বাচনৰ দৰে গুৰুত্বপূৰ্ণ সময়ত পৰমানন্দ শইকীয়াৰ এনেধৰণৰ মইমতালিৰ বিৰুদ্ধে যোৱা ১৮ ফ্ৰেব্ৰুৱাৰীত অসম চৰকাৰৰ যুটীয়া সচিবৰ দায়িত্বত থকা নিৰ্বাচনী বিভাগৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়াক অভিযোগ দিয়া হয় ।