বিশ্বনাথ,19 ফেব্ৰুৱাৰী: ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰকৰি ৰাজনৈতিক দল সমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা গৈছে ৷ বিজেপিক শাসনৰ গাদীৰ পৰা ওফৰাই পেলাবলৈ কংগ্ৰেছে বিভিন্ন ধৰণৰ ৰণ কৌশল হাতত লোৱা দেখা গৈছে ৷ বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰিপুন বৰাই গহপুৰত এখন সংবাদমেল সম্বোধন কৰে ।
ইপিনে সংবাদমেলত ৰিপুন বৰাই সদৰি কৰে যে, কংগ্ৰেছে আৰম্ভণিৰ পৰাই CAA বিৰোধিতা কৰি আহিছে । লগতে দাবী কৰে যে, কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ'ব । আনহাতে CAA অসমত কেতিয়াও কংগ্ৰেছে বলৱৎ হ'বলৈ নিদিয়ে বুলি উল্লেখ কৰে ৰিপুন বৰাই । সমান্তৰালকৈ কংগ্ৰেছে ৰাইজৰ ঘৰে ঘৰে গৈ ৫০ লাখ গামোচা সংগ্ৰহ কৰি CAA নামোনো লিখি প্ৰতীকি ৰূপত প্ৰতিবাদ সাৱ্যস্ত কৰিব চৰকাৰৰ বিৰুদ্ধে ৷