বিশ্বনাথ, 23 জুন: দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ সংহাৰ ৷ তাৰ সমান্তৰালকৈ অব্যাহত আছে ক’ভিডৰ প্ৰতিষেধক প্ৰদান অভিযানো ৷ শেহতীয়াভাৱে কেন্দ্ৰ চৰকাৰে আৰম্ভ কৰা Mega Vaccination Drive কাৰ্যসূচীৰ অধীনত ৰাজ্যসমূহত অব্যাহত আছে ক’ভিডৰ টীকাকৰণ অভিযান ৷
বিভিন্ন স্থানৰ ক’ভিডৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহতো দৈনিক প্ৰতিষেধক ল’বলৈ উপস্থিত হৈছে বহু লোক ৷ কিন্তু প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ মাজতে একাংশ ঠাইত স্বাস্থ্যকৰ্মীৰ হেমাহিৰ ঘটনাও পোহৰলৈ আহিছে ৷ শেহতীয়াভাৱে শনিবাৰে ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ এজন বৃদ্ধ লোকক মাত্ৰ ৩০ মিনিটৰ ভিতৰত কৰ’ণাৰ দুটা পালি প্ৰদান কৰাৰ ঘটনা সংঘটিত হোৱাৰ পাছতে এইবাৰ অসমতো পোহৰলৈ তেনে এক অনুৰূপ ঘটনা ৷ বিশ্বনাথৰ বিহালীত এগৰাকী যুৱতীক একেদিনাই ক’ভিডৰ দুটা পালি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
অভিযোগ অনুসৰি, মঙলবাৰে বিশ্বনাথৰ বহু স্থানৰ লগতে বিহালী প্ৰাথমিক বিদ্যালয়ত প্ৰদান কৰা হৈছিল ক’ভিড প্ৰতিষেধক । সেই প্ৰতিষেধক ল’বলৈ গৈছিল থান বিহালীৰ মহৰম আলি আৰু মহৰম আলিৰ পৰিয়াল । মহৰম আলি আৰু পৰিয়ালৰ আন সদস্য সকলে প্ৰতিষেধক লৈ নিজ ঘৰলৈ উভতি আহে যদিও মহৰম আলিৰ কন্যা মনিৰা খাতুনে অলপ পলমকৈ লৈছিল প্ৰতিষেধক ।
মনিৰা খাতুনে প্ৰতিষেধক গ্ৰহণ কৰি প্ৰতিষেধক লৈ থকা ঠাইত তুলাৰে মোহাৰি থকা অৱস্থাতে স্বাস্থ্যকৰ্মীয়ে আহি কোনো ধৰণৰ সোধা-পোছা নকৰাকৈয়ে 5 মিনিটৰ ব্যৱধানত পুনৰ মনিৰা খাতুনক প্ৰতিষেধক প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ পিছত এই ঘটনা পোহৰলৈ অহাৰ পিছত স্বাস্থ্য বিষয়াই মনিৰা খাতুন আৰু পৰিয়াল পুনৰ সেই স্থানত উপস্থিত হোৱাত তেওঁলোকক বুজ দি পঠিয়াই দিয়ে । কিন্তু নিশা মনিৰা খাতুনৰ ঘৰত লাগিল হাহাকাৰ ।