বিশ্বনাথ, ১৯ জানুৱাৰী : বিশ্বনাথৰ বিহালী সমষ্টিৰ জিনজিয়াত মঙলবাৰে এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় । বৈদুতিক শ্বট চাৰ্কিতৰ ফলত সংঘটিত এই অগ্নিকাণ্ডত ৰাজেন মুৰা নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি শেষ হৈ যায় । প্ৰায় ১ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হোৱা দৰিদ্ৰ পৰিয়ালটিৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ।
জিনজিয়াত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনাঃ বিভিন্ন জনৰ সহায়ৰ হাত - বৈদুতিক শ্বট চাৰ্কিত
জিনজিয়াৰ এই অগ্নিকাণ্ডৰ ঘটনাত এটা পৰিয়ালৰ ঘৰৰ সকলো সা-সামগ্ৰী জ্বলি শেষ হৈ যায় । ভুক্তভোগী পৰিয়ালক সহায়ৰ হাত আগবঢ়ালে আছু-আটছা আৰু বিভিন্ন বিত্তীয় প্ৰতিস্থানে ।
বিশ্বনাথৰ জিনজিয়াত ভয়াবহ অগ্নিকাণ্ড
এই অগ্নি কাণ্ডৰ খবৰ অঞ্চলটোত বিয়পি পৰাত জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এটা সজাতি দল উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে ভুক্তভোগী পৰিয়ালটোক ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ ১০ খনকৈ গৰম কাপোৰ, বিচনা চাদৰ আদিৰ লগতে খাদ্য সামগ্ৰী আৰু আৰ্থিক সাহাৰ্য প্ৰদান কৰে । আনহাতে সকলো হেৰুৱাই দিশহাৰা হোৱা ভুক্তভোগী পৰিয়াললৈ জিনজিয়াৰ কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানে সহায়ৰ হাত আগবঢ়ায় ।
লগতে পঢ়ক :প্ৰকাশ পালে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা