অসম

assam

ETV Bharat / state

বিশ্বনাথৰ চাৰিআলি গেছ এজেঞ্চিৰ প্ৰশংসণীয় পদক্ষেপ - অত্যাবশ্যকীয় খাদ্য সামগ্ৰীৰ নাটনি

বিশ্বনাথৰ চাৰিআলি গেছ এজেঞ্চিৰ প্ৰশংসণীয় পদক্ষেপ । এশ বিশটা দৰিদ্ৰ পৰিয়ালক কৰিলে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ ৷

Gas Agency_charity
বিশ্বনাথৰ চাৰিআলি গেছ এজেঞ্চিৰ প্ৰশংসণীয় পদক্ষেপ

By

Published : May 15, 2021, 10:17 PM IST

বিশ্বনাথ ১৫ মে’ :সমগ্ৰ দেশৰ লগতে অসমতো কৰ’ণা মহামাৰীয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । যাৰ বাবে ৰাজ্যত দুপৰীয়া এক বজাৰ পৰা সকলো ব্যবসায় প্ৰতিষ্ঠান বন্ধ কৰাৰ লগতে দুই বজাৰ পৰা সান্ধ আইন বলবৎ কৰা হৈছে ।

সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাৰ সৰ্ব সাধাৰণ লোক সাংঘাতিক ভাবে অৰ্থ সংকটত পৰিছে । আনফালে বিশ্বনাথৰ বহু গাওঁ বাগিচা ইত্যাদিত বহু লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বাবে জিলা প্ৰশাসনে সেই অঞ্চল সমূহ কন্টেইনমেন্ট জন হিচাপে ঘোষনা কৰাত তেনে অঞ্চল সমূহ ব্যাপক ভাবে অত্যাবশ্যকীয় খাদ্য সামগ্ৰীৰ নাটনিত পৰি ভোকে লঘোনে দিন পাৰ কৰিব লগিয়া হৈছে বহু অঞ্চলবাসী ।

বিশ্বনাথৰ তেনে এখন অঞ্চল হল নীলপুৰ চাহ বাগিচা । এই চাহ বাগিচা খনত অধিকাংশ লোকে দিন হাজিৰা কৰি নিজৰ জীৱন নিৰ্বাহ কৰে যদিও এই অঞ্চলটোত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে জিলা প্ৰশাসনে কন্টেইনমেন্ট জন হিচাপে ঘোষনা কৰিছিল ।

এতিয়া, বাগিচাখনৰ দিন হাজিৰা কৰা লোক সকলে ভোকে লঘোনে দিন পাৰ কৰিব লগীয়া অবস্থাৰ সৃষ্টি হৈছে । অৱশ্যে, যোৱা কালি এই বাগিচা খনৰ পৰা কন্টেইনমেন্ট জন প্ৰত্যাহাৰ কৰা হল যদিও বাগিচাখনৰ বহু লোক তীব্ৰ অৰ্থিক সংকটত ভুগিছে।

কিন্তু, শনিবাৰে এই বাগিচাখনৰ এই দৰিদ্ৰ লোক সকলক কিছু সকাহ দিবলৈ আগবাঢ়ি আহিল বিশ্বনাথৰ চাৰিআলি গেছ এজেঞ্চিৰ কতৃপক্ষ । চাৰিআলি গেছ এজেঞ্চি কতৃপক্ষই চাহ বাগিচাখনত উপস্থিত হৈ এশবিশটা দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰে অত্যাবশ্যকীয় খাদ্য সামগ্ৰী। চাৰিআলি গেছ এজেঞ্চিৰ এনে পদক্ষেপক এতিয়া বিশ্বনাথৰ সমুহ সচেতন ৰাইজে শলাগ লৈছে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details