বিশ্বনাথ, ২২ মে': আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিল বিহালী সমষ্টিৰ অন্তৰ্গত বৰগাং গাঁও পঞ্চায়তৰ প্ৰতিনিধি । দেশজুৰি বিভীষিকাৰ সৃষ্টি কৰা কাল কৰ'ণাই লৈছে ভয়াৱহ ৰূপ । মহামাৰী কৰ'ণাৰ বাবে এতিয়া সকলো বিপৰ্যস্ত হৈ পৰিছে । এই দুৰ্যোগৰ সময়তে শুকুবাৰে বিহালী সমষ্টিৰ অন্তৰ্গত বৰগাং গাঁও পঞ্চায়ত অধীনৰ ক'ভিড-১৯ত আক্ৰান্ত পৰিয়ালৰ মাজত সা-সামগ্ৰী বিতৰণ কৰে বিজেপি কৰ্মীয়ে ।
সমষ্টিটোৰ অন্তৰ্গত বিহালী মণ্ডল বিজেপি কৰ্ম-কৰ্তাৰ লগতে বিজেপি জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক দ্বিপজ্যোতি দত্তৰ উপস্থিতিত বৰগাং গাঁও পঞ্চায়ত অধীনৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ।