বিশ্বনাথ,১৪ মে’:লক্ ডাউনৰ মাজত বিহালী আৰক্ষীৰ অভিযান চলিল নিষিদ্ধ গাঞ্জাৰ বিৰুদ্ধে ৷ বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত মৰাণ গাঁৱত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ প্ৰাপ্ত তথ্য অনুসৰি,বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ চেতিয়াই অন্য দিনৰ দৰে বুধবাৰে চলোৱা নিয়মীয়া তালাচীত সন্দেহবশতঃ মহেশ্বৰ দাস নামৰ লোকজনক চাৰি পেকেট গাঞ্জাৰ সৈতে হাতে-লোটে আটক কৰে । জব্দ কৃত গাঞ্জাখিনিৰ বজাৰ প্ৰায় 20-25 হাজাৰ টকা হোৱাৰ অনুমান কৰিছে আৰক্ষীয়ে ৷
বিহালীত গাঞ্জাসহ আটক এজন - গাঞ্জা
বিহালীৰ বৰগাঙত আৰক্ষীৰ নেতৃত্বত চলা এক অভিযানত জব্দ হৈছে অবৈধ গাঞ্জা ৷ আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত জব্দ হৈছে এই গাঞ্জা ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে এজন ব্যক্তিক ৷
গাঞ্জা জব্দ