অসম

assam

ETV Bharat / state

কৰ'ণা চিকিৎসালয় নিৰ্মানৰ বাবে 20 বিঘা ভূমি আগবঢ়ালে গংগা কটকীয়ে

গহপুৰৰ গংগা কটকীয়ে কভিড-19ৰ চিকিৎসালয় নিৰ্মাণৰ বাবে আগবঢ়ালে ২০ বিঘা ভূমি

gahpur gonga kakati donate 20 bugha land assam goverment
গহপুৰৰ আদৰ্শ কৃষক গংগা কটকীয়ে দেখুৱালে মহানুভৱতা

By

Published : Mar 29, 2020, 2:03 PM IST

Updated : Mar 29, 2020, 4:49 PM IST


গহপুৰ, 29মাৰ্চ: সমগ্ৰ বিশ্বতে এতিয়া কৰ'ণা ভাইৰাছক লৈ আতংকৰ সৃষ্টি হৈছে ৷ তেনে সময়তে অসমৰ স্বাস্থ্য বিভাগক নিজৰ ভূমি দান কৰি সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিশ্বনাথ জিলা গহপুৰৰ আদৰ্শৰ কৃষক তথা প্ৰতিষ্ঠিত ব্যৱসায়ী বিশিষ্ট সমাজকৰ্মী গংগা কটকী ৷

কৰ’ণা ভাইৰাছে মহামাৰীৰ ৰূপ লোৱাৰ আশংকাত আগতীয়াকৈ তৎপৰ হৈছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগ । অসমত নতুনকৈ কেইবাখনো চিকিৎসালয় নিৰ্মাণ কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে । আনহাতে স্বাস্থ্য মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই ভূমি বিচাৰিবলৈ বিভাগীয় নিৰ্দেশ দিয়াৰ সময়তে কটকীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা নিজৰ ম্যাদী পট্টাৰ ২০ বিঘা মাটি অসম চৰকাৰৰ স্বাস্থ্য বিভাগক দান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ৷ এই মহাৰমাৰীৰ পৰা মানৱ জাতীক ৰক্ষাৰ কৰাৰ উদ্দেশ্যেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিষ্ঠিত ব্যৱসায়ী তথা আদৰ্শ খেতিয়ক গংগা কটকীয়ে ৷



Last Updated : Mar 29, 2020, 4:49 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details