গহপুৰ,25 মাৰ্চ : সমাগত লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে গহপুৰ মহকুমা প্ৰশাসন । আগন্তুক লোকসভা নিৰ্বাচন যাতে স্বচ্ছ তথা নিয়াৰিকৈ সম্পন্ন হয় তাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে গহপুৰ মহকুমা প্ৰশাসনে ।
লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ গহপুৰ মহকুমা প্ৰশাসন - LS POLLS
আৰম্ভ নিৰ্বাচনী বিষয়াৰ প্ৰশিক্ষণ

দেওবাৰে গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা 10 বজাৰ পৰা 271 গৰাকী প্ৰিজাইডিং আৰু বিয়লি ডেৰ বজাৰ পৰা 271 গৰাকী পলিং বিষয়াকদ্বিতীয় পৰ্য্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ( সংলগ্ন)তথা নিৰ্বাচনী প্ৰশিক্ষণ দায়িত্বপ্ৰাপ্ত বিষয়া মণীষা নাথৰ পৰিচালনাত অনুষ্ঠিত প্ৰশিক্ষণৰ বাবে নিয়োগ কৰা হয় 8 গৰাকীকৈ মাষ্টাৰ ট্ৰেইনাৰ । ইয়াৰোপৰি 78 নং গহপুৰ বিধান সভা সমষ্টিৰ মুঠ 228 টা ভোট গ্ৰহণ কেন্দ্ৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ 8 গৰাকী জ'নেল বিষয়া আৰু 28 গৰাকী ছেক্টৰ বিষয়া নিযুক্ত কৰা হৈছে। দুটাকৈ মডেল ভোট কেন্দ্ৰ মহিলা কৰ্মচাৰী দ্বাৰা পৰিচালনা কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি জিলা নিৰ্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহে জানিব দিছে ।