অসম

assam

ETV Bharat / state

গহপুৰত মহিলাই দেখুৱাইছে স্বাৱলম্বনৰ পথ - সৌৰ চাকি তৈয়াৰেৰে স্বাৱলম্বী

ঘৰুৱা কাম-কাজৰ লগতে সৌৰ চাকি তৈয়াৰেৰে স্বাৱলম্বী হৈ এক আদৰ্শ দাঙি ধৰিছে গহপুৰৰ একাংশ মহিলাই ৷

গহপুৰ মহিলাই দেখুৱাইছে স্বাৱলম্বনৰ পথ

By

Published : Sep 17, 2019, 2:15 PM IST

Updated : Sep 17, 2019, 4:47 PM IST

বিশ্বনাথ,17 চেপ্তেম্বৰ :নাৰী পুৰুষ সমানে এই কথা পুনৰ প্ৰমাণ কৰিছে গহপুৰৰ একাংশ মহিলাই ৷ অদিতি ৱেষ্ট ক্লাষ্টাৰৰ লগত জড়িত এইসকল মহিলাই বিগত এবছৰ ধৰি ব্যস্ত আছে সৌৰ চাকি তৈয়াৰ কৰাত ৷ অসম গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত তেজপুৰত ৭০ লাখ সৌৰ উৰ্জা লেম্প আঁচনিৰ অধীনত প্ৰযুক্তিগত আৰু ব্যৱস্থাপনা প্ৰশিক্ষণ গ্ৰহণ কৰি অদিতি ৱেষ্ট ক্লাষ্টাৰৰ মহিলা আৰু যুৱতীসকলে এইদৰে ব্যস্ত হৈ আছে সৌৰ চাকি নিমাৰ্ণত ৷

গহপুৰ মহিলাই দেখুৱাইছে স্বাৱলম্বনৰ পথ
উল্লেখযোগ্য যে গহপুৰৰ ককিলা চাৰিআলিস্থিত অদিতি ৱেষ্ট ক্লাষ্টাৰৰ কাৰ্যালয়ত এই মহিলা-যুৱতীসকলে তৈয়াৰ কৰা সৌৰ চাকি মাত্ৰ ১০০ টকাতে যোগান ধৰিছে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক। তদুপৰি গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশৰ উত্তৰণৰ বাবে প্ৰণয়ন কৰা আঁচনিখনৰ অধীনত অদিতি ৱেষ্ট ক্লাষ্টাৰে সুলভ মূল্যত সৌৰ চাকি যোগান ধৰিছে পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ ৩৬৫খন বিদ্যালয়ৰ ৩০ হাজাৰ ১৮০ জন ছাত্ৰ-ছাত্ৰীক । ঘৰুৱা কাম-কাজৰ লগতে সৌৰ চাকি তৈয়াৰেৰে স্বাৱলম্বনৰ পথ দেখা গহপুৰৰ এইসকল মহিলা-যুৱতীৰ সাফল্যই এক আশাৰ বতৰা কঢ়িয়াই আনিছে গ্ৰামাঞ্চলৰ যুৱতী-মহিলা সকললৈ।
Last Updated : Sep 17, 2019, 4:47 PM IST

ABOUT THE AUTHOR

...view details