বিশ্বনাথ , 8 আগষ্ট :যিটো সময়ত একাংশ চিকিৎসক তথা স্বাস্থ্য কৰ্মীয়ে নিজৰ দায়িত্ব পালনত পিঠি দিয়াৰ সততে অভিযোগ উত্থাপন হৈ আহিছে ৷ সেই সময়তেই একান্তভাৱে দায়িত্ব পালনৰে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথৰ এগৰাকী চিকিৎসকে ৷ চিকিৎসকগৰাকী হৈছে বিশ্বনাথ জিলা (Biswanath District)ৰ পাভৈৰ ডাঃ ৰঞ্জন গগৈ ৷মহামাৰী ক'ভিড (Covid-19)ৰ আতংকৰ সময়তেই বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াই আহিছে ডাঃ ৰঞ্জন গগৈয়ে ৷
ক'ভিডৰ এই ভয়াৱহ সংকট কালত ৰাইজৰ লগতে সুৰক্ষা কৰ্মী সকলকো চিকিৎসা সেৱা আগবঢ়াইছে চিকিৎসকগৰাকীয়ে ৷ ইয়াৰ মাজতে শুকুৰবাৰেও এক বিনামূলীয়া স্বাস্থ্য শিবিৰত আৰক্ষী জোৱানৰ লগতে জিলা খনৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ স্বাস্থ্য পৰীক্ষা কৰে ডাঃ ৰঞ্জন গগৈয়ে । বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ অনুৰোধ মৰ্মে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী চকীত অনুষ্ঠিত কৰা হৈছিল এই চিকিৎসা শিবিৰ ।