অসম

assam

ETV Bharat / state

বিশ্বনাথ জিলাত ৩০০০ হাজাৰ কৃষকক বিনামূলীয়া বীজ যোগান ধৰা হ'বঃ কৃষি বিষয়া - বিশ্বনাথ জিলা

বিশ্বনাথ জিলা খনৰ ৩০০০ হাজাৰ কৃষকক কৃষি বিভাগৰ ফালৰ পৰা উন্নতমানৰ শাক পাচলিৰ বীজ যোগান ধৰা হ'ব বুলি সদৰি কৰে জিলা কৃষি বিষয়াই । কৃষকসকলৰ যিবোৰ খেতি অনিষ্ট হৈছে তাৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে । এই তালিকা চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি উল্লেখ কৰি এই সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত ল'ব বুলি প্ৰকাশ কৰে কৃষি বিষয়াগৰাকীয়ে ।

ETV BHARAT
বিশ্বনাথ জিলাত ৩০০০ হাজাৰ কৃষকক বিনামুলীয়া বীজ যোগান ধৰা হ'বঃ কৃষি বিষয়া

By

Published : Apr 25, 2020, 3:47 PM IST

Updated : Apr 25, 2020, 4:16 PM IST

বিশ্বনাথ, 25 এপ্ৰিলঃ বিশ্বনাথ জিলা কৃষি বিষয়া প্ৰদীপ সোণোৱাল সৈতে ইটিভি ভাৰত অসমৰ সাংবাদিকৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰে ৷ সাক্ষাৎকাৰত কৃষক সকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে কৃষি বিষয়া প্ৰদীপ সোণোৱালে ৷

বিশ্বনাথ জিলাত ৩০০০ হাজাৰ কৃষকক বিনামূলীয়া বীজ যোগান ধৰা হ'বঃ কৃষি বিষয়া

শুকুৰবাৰে,বিশ্বনাথ জিলা কৃষি বিষয়া প্ৰদীপ সোণোৱালৰ সৈতে হোৱা সাক্ষাৎকাৰত কৃষি বিষয়া গৰাকীয়ে সদৰি কৰে যে,লক ডাউনৰ সময়ত যি সকল কৃষকে ধান খেতি কৰিছে তেওঁলোকক ইতিমধ্যে তিনিটা দিনত খেতি পথাৰত পানী দিবলৈ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে,একোজন কৃষকক ৫ লিটাৰ ডিজেল দিয়া ব্যৱস্থা কৰা বুলি সদৰি কৰে বিষয়াজনে।

ইতিমধ্যে যি সকল কৃষকৰ শাক পাচলি খেতি পথাৰত অনিষ্ট হৈছে সেই সকল কৃষকক সেই স্থানত মৰাপাত খেতি কৰিবলৈ কৃষি বিভাগৰ তৰফৰ পৰা পৰামৰ্শ দিয়ে। লগতে, জিলাখনত বিশেষকৈ ২৭০০ হেক্টৰ ভূমিত শাক পাচলি খেতি হয়,সেই বাবে শীঘ্ৰে জিলা খনৰ ৩০০০ হাজাৰ কৃষকক কৃষি বিভাগৰ ফালৰ পৰা উন্নতমানৰ শাক পাচলিৰ বীজ যোগান ধৰা হ'ব বুলি প্ৰকাশ কৰে জিলা কৃষি বিষয়াই । ২০ এপ্ৰিলৰ পৰা লক ডাউনৰ মাজতে কৃষক সকলৰ কৃষি কৰ্মত ব্যৱহাৰৰ বাবে টেক্টৰ,পাৱাৰ টিলাৰ আদি ব্য়ৱহাৰ কৰিবলৈ চৰকাৰে অনুমতি দিয়ে ৷ যদিও লক ডাউনৰ বাবে কৃষকসকলে উৎপাদিত শাক পাচলি বিক্ৰী কৰিবলৈ বজাৰ নোপোৱাত বহু ক্ষতি হয় কৃষকসকলৰ ৷ ইতিমধ্যে বহু কৃষকৰ খেতি পথাৰতে নষ্ট হৈছে শাক পাচলি ৷ তাৰোপৰি লক ডাউনৰ ফলত কৃষকৰ অনিষ্ট হোৱা ক্ষেত্ৰত চৰকাৰে কি কি ক্ষয় ক্ষতি কৃষক দিব বুলি সোধা এক প্ৰশ্ন উত্তৰ জিলা কৃষি বিষয়াই কয় ইতিমধ্যে জিলা খনৰ কৃষি বিষয়া কৰ্মচাৰী সকলৰ জৰিয়তে কৃষক সকলৰ যিবোৰ খেতি অনিষ্ট হৈছে তাৰ এখন তালিকাৰ প্ৰস্তুত কৰা হৈছে । এই তালিকাৰ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি উল্লেখ কৰি এই সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত ল'ব বুলি প্ৰকাশ কৰে কৃষি বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক- শোণিতপুৰৰ পৰা 558 জন লোক নিজ বাসগৃহলৈ গমণ

Last Updated : Apr 25, 2020, 4:16 PM IST

ABOUT THE AUTHOR

...view details