বিশ্বনাথ , 22জুন :ডাকঘৰত সুৰক্ষিত নহয় গ্ৰাহকৰ ধন ৷ ডাকঘৰৰ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
ডাক কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰাহকৰ ধন আত্মসাতৰ অভিযোগ - ডাকঘৰ
বিশ্বনাথ মোনাবাৰী ডাকঘৰ শাখাত সংঘটিত হৈছে অঘটন৷ ডাকঘৰৰ কৰ্মচাৰী কেশৱ বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে গ্ৰাহকৰ ধন আত্মসাতৰ অভিযোগ ৷ গ্ৰাহকৰ পৰা ধন জমা কৰে যদিও গ্ৰাহকৰ একাউণ্টত জমা নহয় ধন ৷
ETV BHARAT
উল্লেখ্য যে, বিশ্বনাথৰ মোনাবাৰী ডাক ঘৰ শাখাত সংঘটিত হৈছে অঘটন ৷ ডাকঘৰৰ কৰ্মচাৰী কেশৱ বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে গ্ৰাহকৰ ধন আত্মসাতৰ অভিযোগ ৷ গ্ৰাহকৰ পৰা ধন জমা কৰে যদিও গ্ৰাহকৰ একাউণ্টত জমা নহয় ধন ৷ ভুক্তভোগী গ্ৰাহকে কেশৱ বৰাৰ লগতে অন্য কৰ্মচাৰীও এনে ঘটনাত জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ জানিব পৰা মতে, গ্ৰাহকে প্ৰধান ডাকঘৰত এই বিষয়ে জনোৱাৰ পাচতে কেশৱ বৰাই নিজা ঘৰ বাৰী মাটি বিক্ৰী কৰি গ্ৰাহক সকলক টকা সমুহ ঘুৰাই দিবলৈ যো-জা কৰিছে ৷