বিশ্বনাথ, ১ মে’ : আপোনাৰ বাৰু মনত আছে নে বিশ্বনাথ চাৰিআলি পৰা গহপুৰলৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা মৰণ ফান্দৰ কথা । এতিয়া আৰু সেই মৰণ ফান্দলৈ চিন্তা কৰিব নালাগে । শীঘ্ৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথচাৰীয়ে লাভ কৰিব এটা সুন্দৰ ৰাষ্ট্ৰীয় ঘাইপথ । কিয়নো ক্ষীপ্ৰতাৰে চলিছে উক্ত ঘাইপথছোৱা নিৰ্মাণৰ কাম (Four laning works of NH 15 continue on war footing) ৷ আনকি এই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ নিৰ্মাণ কাৰ্য তীব্ৰ গতিত চলাত সন্তুষ্টি লাভ কৰিছে একাংশ পথচাৰীয়েও ।
উল্লেখ্য যে, বিগত ৫ টা বছৰে এই পথটোৰ দুৰৱস্থাই জ্বলা-কলা খুৱাই আহিছিল পথটোৱে অহা-যোৱা কৰা পথচাৰীক । গুৰুত্বপূৰ্ণ কথাটো হ’ল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বিশ্বনাথৰ পৰা গহপুৰলৈ ফ’ৰলেনযুক্ত পথছোৱা নিৰ্মাণৰ দায়িত্ব যোৱা ৫ বছৰৰ আগতেই আন এটা কোম্পানীয়ে লাভ কৰিছিল ৷ কিন্তু ২০২০ চনতে পথটোৰ নিৰ্মাণ কাৰ্যৰ সময়সীমা উকলি গ’ল । ২০১৫ চনতে পথছোৱা নিৰ্মাণ দায়িত্ব লাভ কৰা অৰুণাচলী পথ নিৰ্মাণকাৰী সংস্থা টি কে ইঞ্জিনীয়াৰিঙে পথটো সময়ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে (Four laning works of Biswanath NH 15) ৷
শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২০২১ চনত পুনৰ বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ নগৰলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণ কৰিবলৈ অন্য এটা কোম্পানীক দায়িত্ব দিয়ে । প্ৰায় পাঁচ বছৰ পূৰ্বেই বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ প্ৰায় ৫৭.৫ কি:মি: পথৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল টি কে ইঞ্জিনীয়াৰিং নামৰ অৰুণাচলী কোম্পানীটোক ৷ পথটো নিৰ্মাণ বাবে ধন আৱন্টন দিয়া হৈছিল প্ৰায় ১৩০৭.০৫ কোটি টকা ৷ কিন্তু কোম্পানীটোৱে ৫ বছৰত অধিকাংশ টকা লুটপাত চলাই শেষত বিফল হ’ল পথছোৱা নিৰ্মাণত ৷