বিশ্বনাথ, ১৫ মে’: বিহালী আৰক্ষী থানাৰ অন্তর্গত বৰগাংমৰাণ আৰু টংবাৰী গাঁৱৰ পৰা বিগত ছয়মাহৰ ভিতৰত অপহৃত হৈছে চাৰিটাকৈ শিশু ।
ইফালে, এই চাৰিটা শিশু উদ্ধাৰৰ বাবে অহৰহ চেষ্টা কৰিছিল বৰগাং মৰণা গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ লগতে বিহালী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া আৰু বিহালী আৰক্ষীৰ চক্র বিষয়া গৰাকীয়ে । শেহতীয়াকৈ, বিষয়া কেইগৰাকীৰ নেতৃত্বত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অপহৃত চাৰিওটা শিশু ।
জানিব পৰা মতে, বিগত ৬ মে’ তাৰিখে বৰগাং মৰণা গাঁৱৰ গাঁওৰক্ষী বাহিনী আৰু ৰাইজে সন্দেহবশত বৰগাং মৰাণ গাঁৱৰ ইৰফান খান (২০)আৰু চুমন দাস(১৫)ক আটক কৰি আৰক্ষীক চমজাই দিয়াৰ পিছত আৰক্ষীয়ে নেৰানেপেৰা তদন্ত কৰি বিগত ১২ মে'ত মিকিৰ চাং ডফলাগড়ৰ আশিস পানিকা ওৰফে বাবু আৰু চত্রং নেপালী , অসম অৰুণাচল সীমান্তৰ গহপুৰৰ হলেঙি গেটৰ কুখ্যাত মানৱদেহ সৰবৰাহকাৰী মহিলা জোৎস্না দেউৰী(২৮) সহ তেওঁৰ স্বামী দামোদৰ দেউৰীক হলঙি গেটৰ আৰক্ষীৰ সহযোগত আটক কৰে ৷
মহিলা গৰাকীক আৰক্ষীয়ে আটক কৰি সোধপোছ আৰম্ভ কৰাৰ পিছত আৰক্ষীৰ হেঁচাত শনিবাৰে অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা শিশু কেইটা আনি শিশু সৰবৰাহকাৰী মহিলা গৰাকীৰ ঘৰত থৈ যায় চক্ৰটোৱে।