অসম

assam

ETV Bharat / state

ইটাখোলা-বৰপাম সংযোগী পথৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ - শুক্ৰবাৰে শোণিতপুৰ

বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ নদুৱাৰৰ ইটাখোলা ব্যৱসায়িক কেন্দ্ৰস্থলৰ পৰা বিশ্বনাথৰ বৰপাম তিনি আলি সংযোগী পথৰ আধাৰশিলা স্থাপন চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই । লোকনিৰ্মাণ বিভাগৰ অধীনৰ ১১ কিঃমিঃ দৈৰ্ঘ্যৰ জৰাজীৰ্ণ পথচোৱা এছ অ' পি ডি জিৰ ২০২০-২১ বৰ্ষৰ আঁঁচনিৰ অধীনত নিৰ্মাণ হ'ব ।

ইটাখোলা-বৰপাম সংযোগী পথৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ
ইটাখোলা-বৰপাম সংযোগী পথৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

By

Published : Dec 4, 2020, 12:49 PM IST

চতিয়া, ৩ ডিচেম্বৰ: শীঘ্ৰেই নিৰ্মাণ হ'ব শোণিতপুৰ জিলাৰ নদুৱাৰৰ ইটাখোলা ব্যৱসায়িক কেন্দ্ৰস্থলৰ পৰা বিশ্বনাথৰ বৰপাম তিনি আলি সংযোগী ১১ কিঃমিঃ দৈৰ্ঘ্যৰ জৰাজীৰ্ণ পথচোৱা । বৃহস্পতিবাৰে পথটোৰ আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে যাতায়াত ক্ষেত্ৰত হাৰাশাস্তি ভূগি আহিছে । স্থানীয় ৰাইজে পথটো নিৰ্মাণ হোৱাৰ কথা জানিব পাৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে স্থানীয় বিধায়ক আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ধন্যবাদ জ্ঞাপন কৰিছে ৷

এছ অ' পি ডি জিৰ ২০২০-২১ বৰ্ষৰ আঁঁচনিৰ অধীনত নিৰ্মাণ হ'ব এই পথচোৱা । আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে কয়, "কংগ্ৰেছৰ দিনত ইটাখোলাৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ পৰা ইয়াৰ চাৰিওফালৰ পথসমূহৰ অৱস্থা জৰাজীৰ্ণ আছিল । কিন্তু আজি কেন্দ্ৰত থকা নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ উন্নয়নৰ সদিচ্ছা আৰু ৰাজ্যৰ সৰ্ব্বানন্দ সোণোৱাল চৰকাৰ তথা লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শোচনীয় হৈ থকা পথসমূহৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে ।"

লগতে চতিয়া সমষ্টিৰ চুকে-কোণে থকা বিধ্বস্ত পথবোৰ পুনৰ নিৰ্মাণ হৈছে আৰু ইটাখোলা অঞ্চলৰ পথবোৰো পুনৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই । আধাৰশিলা স্থাপন কাৰ্যসূচীত ইটাখোলাৰ অঞ্চলৰ পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে । বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰৰ লগতে অনুষ্ঠানটিত উপস্থিত থাকে অঞ্চলটোৰ বহু কেইজন বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক:বৰাকৰ খহনীয়া ৰোধৰ বাবে মথাউৰি নিৰ্মাণৰ আধাৰশিলা স্থাপন বনমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details