বিশ্বনাথ, 28 ডিচেম্বৰ :সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ উদ্যোগত উদযাপন কৰা হয় অসম সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস (Foundation Day of Assam Sahitya Sabha) । কাৰ্যসূচী অনুসৰি পুৱা ৮.৪৫ বজাত জাতীয় সংগীত পৰিৱেশনৰে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে শাখা সাহিত্য সভাৰ সভাপতি কমল চন্দ্ৰ ভূঞাই ৷
বিশ্বনাথ চাৰিআলিত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন ইয়াৰ পিছতে দিনৰ ১০ বজাত পদ্মনাথ গোহাঞিবৰুৱা সভাকক্ষত অসম সাহিত্য সভাৰ শীৰ্ষ সংগীত চিৰ চেনেহী মোৰ ভাষা জননী পৰিৱেশন কৰা হয় ৷ ইয়াৰ পিছত অনুষ্ঠিত মূল সভাত সভাপতিত্ব কৰে শাখা সমিতিৰ সভাপতি কমল চন্দ্ৰ ভূঞাই ৷ বিশেষ অতিথি হিচাপে উপস্থিত থাকে ৰেণু বৰা, অপূৰ্ব কুমাৰ দাস, মিনাক্ষী গোস্বামী, অঞ্জন কুমাৰ বৰুৱা, ভূধৰ দাস, ৰাজেন্দ্ৰ প্ৰসাদ দাস, বিউটি ফুকন, সবিতা হাজৰিকা আদি ৷
সোমবাৰে অনুষ্ঠিত এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ইন্দ্ৰ প্ৰসাদ শইকীয়াই অসম সাহিত্য সভাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত পদক্ষেপ সম্পৰ্কে বাখ্যা আগবঢ়ায় ৷ লগতে নৱ প্ৰজন্মক সাহিত্য চৰ্চাত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় বিশিষ্ট সাহিত্যিকগৰাকীয়ে ।
বিশ্বনাথ চাৰিআলিত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা কালৰে পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত সাহিত্যনুৰাগীৰ স্মৃতিত অনুষ্ঠিত হোৱা বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগেন চন্দ্ৰ শৰ্মাই । বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ সম্পাদক অঞ্জন বৰাই আঁত ধৰা তথা সহকাৰী সম্পাদক সূৰ্য বৰাই শলাগৰ শৰাই আগবঢ়োৱা উক্ত সভাত বক্তব্য প্ৰদান কৰে বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক হীৰেন বৰা, শাখাৰ পত্ৰিকা সম্পাদক দিলীপ কুমাৰ ভট্টাচাৰ্য আৰু লেখিকা ৰেণু চহৰীয়া শইকীয়াই ।
লগতে পঢ়ক :Asam Sahitya Sabha Founfation Day: অসম সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন