বিশ্বনাথ, 13 ছেপ্তেম্বৰ :বিহালীৰ জৰাবাৰী নামঘৰৰ প্ৰাংগনত এটা পুথিভড়াঁলৰ লাইখুঁটা স্থাপন ৷ দেওবাৰে নামঘৰটোৰ প্ৰাংগণত উপস্থিত হৈ পুথিভড়াঁলটোৰ লাইখুঁটা স্থাপন কৰিলে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ৷ ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি অঞ্চলটোৰ সমস্যা সমুহ বুজ লোৱাৰ লগতে শীঘ্ৰে সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে ।
বিহালীত পুথিভঁৰালৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই - Found stone laid by Minister Ranjit Dutta at Bihali
ইয়াৰ ওপৰিও ৰাইজৰ লগত মত বিনিময় কৰি অঞ্চলটোৰ সমস্যা সমুহ বুজ লোৱাৰ লগতে শীঘ্ৰে সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী গৰাকীয়ে ।
বিহালীত পুথিভঁৰালৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই
মন্ত্ৰীগৰাকীৰ সতে উক্ত অনুষ্ঠানত উপস্থিত থাকে বাঘমৰা বিজেপি মণ্ডল কমিটিৰ সভাপতি দধিৰাম শৰ্মা,মোনাবাৰী জিলা পৰিষদৰ সদস্য তৰুণ তাতী,বাঘমৰা মণ্ডল কমিটীৰ সম্পাদক অঞ্জন বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়কঃ বিজেপিয়ে ব্যৱসায়িক দৃষ্টিভংগীৰে দল পৰিচালনা কৰে : অদীপ কুমাৰ ফুকন