বিশ্বনাথ, 8 মে’:প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নুৰজামাল সৰকাৰে সক্ৰিয় ৰাজনীতিৰ পৰা অব্যাহতি লৈছে(Nurjamal Sarkar withdrew from active politics) । প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে শনিবাৰে নিজে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে । শাৰীৰিক অসুস্থতাৰ বাবে ৰাজনীতিৰ পৰা অব্যাহতি লৈছে বিশ্বনাথ চাৰিআলি সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত তিনিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা নুৰজামাল সৰকাৰে(Former minister Nurjamal Sarkar quit Congress) ।
কংগ্ৰেছ চৰকাৰৰ দিনত তিনিবাৰ বিধায়ক হৈ তিনিওবাৰেই মন্ত্ৰী হৈছিল নুৰজামাল সৰকাৰ । ইফালে শেহতীয়াকৈ বৰ্তমান সময় কংগ্ৰেছ দল ত্যাগ কৰি বিভিন্ন নেতা আন আন ৰাজনৈতিক দললৈ ঢাপলি মেলাত কংগ্ৰেছৰ এই দুৰৱস্থাৰ বাবে ৰিপুণ বৰাই প্ৰধান জগৰীয়া বুলি প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী সৰকাৰে ।