বিশ্বনাথ, 14 ডিচেম্বৰ:বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ঘাঁহিগাঁও নিবাসী সমাজকৰ্মী,সাহিত্যনুৰাগী তথা অবিভক্ত পূব শোণিতপুৰ জিলা বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু বিজেপিৰ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা জিতেন বৰুৱা(62)ই দেওবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে।
বৃহত্তৰ ছয়দুৱাৰ অঞ্চলত এক বৌদ্ধিক পৰিৱেশ গঢ় দি অহাৰ ক্ষেত্ৰত আহোপুৰুষাৰ্থ কৰি অহা জিতেন বৰুৱাৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷ বৰুৱাৰ মৃত্যুত গহপুৰৰ বিধায়ক উৎপল বৰাৰ লগতে বিশ্বনাথ জিলা মহিলা মৰ্চাৰ সভানেতী লিনা শইকীয়াই গভীৰ শোক প্ৰকাশ কৰিছে ৷