বিশ্বনাথ, 8 জুলাই :১ জুলাইৰ পৰা ৭ জুলাই বুধবাৰলৈকে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলা কাৰাগাৰতো বন মহোৎসৱৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰে জিলা কাৰাগাৰ কৰ্তৃপক্ষই । কাৰাগাৰ চৌহদ পৰিস্কাৰ কৰি ৰখাৰ উপৰিও কাৰাবন্দীসকলে যাতে প্ৰকৃতিৰ নান্দনিক পৰিৱেশৰ লগত এক নিবিৰ সম্পৰ্ক ৰক্ষা কৰি চলিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা কাৰাগাৰত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বিশ্বনাথ জিলা কাৰাগাৰ কৰ্তৃপক্ষৰ উদ্যোগত আয়োজন কৰা এই কাৰ্যসূচীত কাৰাগাৰৰ কৰ্মচাৰীসকলৰ পৰিয়ালবৰ্গই অংশগ্ৰহণ কৰাৰ লগতে প্ৰতিগৰাকী কাৰাগাৰৰ কয়দীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
বিশ্বনাথ জিলা কাৰাগাৰত বন মহোৎসৱ পালন - গছপুলি ৰোপন
সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলা কাৰাগাৰতো বন মহোৎসৱৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে জিলা কাৰাগাৰ কৰ্তৃপক্ষই । প্ৰায় চাৰি শতাধিক গছপুলি ৰোপণ কৰা হয় বিশ্বনাথ জিলা কাৰাগাৰ চৌহদত ।
![বিশ্বনাথ জিলা কাৰাগাৰত বন মহোৎসৱ পালন Forest Festival celebrated at bishwanath District Jail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12388985-thumbnail-3x2-jsj.jpg)
বিশ্বনাথ জিলা কাৰাগাৰত বন মহোৎসৱ পালন
প্ৰায় চাৰি শতাধিক গছপুলি ৰোপণ কৰা হয় বিশ্বনাথ জিলা কাৰাগাৰ চৌহদত । এই কাৰ্যসূচী সফল কৰাত বিশেষ ভুমিকা গ্ৰহণ কৰা দেখা গ'ল জিলা কাৰাগাৰ অধ্যক্ষ ৰবিৰাম ইংতি, মানস প্ৰতীম বুঢ়াগোঁহাইৰ লগতে প্ৰধান কাৰাৰক্ষী ৰগেন পুমাক ৷ ১ জুলাইৰ পৰা আৰম্ভ হোৱা বন মহোৎসৱৰ সামৰণি অনুষ্ঠানত কাৰাগাৰৰ অধীক্ষক তথা বিশ্বনাথৰ চক্ৰ বিষয়া, দেবানন্দ নাথৰ লগতে পূৱ শোণিতপুৰ বন সংমণ্ডলৰ প্ৰটেকচন ৰেঞ্জাৰ অৰবিন্দ ডেকা, বনপালক ভাস্কৰ বৰুৱা আদি উপস্থিত থাকে ৷
লগতে পঢ়ক: কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত ল’লে সৰ্বানন্দ সোণোৱালে