বিশ্বনাথ,৯ মে': পূৱ শোণিতপুৰ বন সংমণ্ডলৰ অন্তৰ্গত বৰগাং বনাঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ একাংশ বনকৰ্মীৰ গুৰুত্বহীনতাৰ বাবে সুযোগ লৈছে একাংশ শিল-বালি সৰবৰাহকাৰীয়ে । শনিবাৰে বৰগাং বন বিভাগে অবৈধভাৱে বালি সৰবৰাহ কৰা তিনিখনকৈ ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় ।
বিহালীত জব্দ অবৈধ বালি কঢ়িওৱা ৩ খন ট্ৰেক্টৰ উক্ত বনাঞ্চলিক কাৰ্যালয়ত পূৰ্বে থকা ৪ নং বালি মহলটোৰ পৰা বুৰৈ নদীৰ দলং আৰু ৰে’ল দলঙৰ তলতে একাংশ বালি সৰবৰাহকাৰীয়ে অবৈধভাৱে বালি সৰবৰাহ কৰি থকাৰ সময়তে বৰগাং বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয় তিনিখনকৈ টেক্টৰ ।
অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি বুৰৈ নদীৰ ৪ নং শিল-বালি মহলটোৰ পৰা একাংশ লোকে চালান অবিহনে অবৈধভাৱে শিল-বালি খনন কৰি আহিছিল । এইদৰে শিল-বালি অবৈধভাৱে খনন কৰি থকাৰ পাচতো উক্ত অঞ্চলটোৰ দায়িত্বত থকা বন বিভাগৰ লোকে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।
জব্দ অবৈধ বালি কঢ়িওৱা ৩ খন ট্ৰেক্টৰ এই টেক্টৰসমূহৰ জৰিয়তে দীৰ্ঘদিন ধৰি অবৈধভাৱে শিল-বালি সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছিল বৰগাঙৰ বনাঞ্চলিক বিষয়াই । এই তথ্যৰ ভিত্তিতে শনিবাৰে বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে অভিযান চলাই তিনিখনকৈ ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৃত ট্ৰেক্টৰ কেইখনক বন আইন অনুসৰি জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।
অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰ জব্দ লগতে পঢ়ক: ধেমাজিত শেহতীয়াকৈ 109 জনৰ দেহত ক’ভিড 19