অসম

assam

ETV Bharat / state

Dumpers seized in Behali: বন বিভাগে জব্দ কৰিলে অবৈধভাৱে শিল বালি কঢ়িওৱা দুখন ডাম্পাৰ - Forest department seized dumper

বন-মাফিয়াৰ বিৰুদ্ধে বৰগাং বন বিভাগৰ অভিযান (Bargang forest departments drive against land mafia) ৷ মঙলবাৰে বন বিভাগৰ এটা দলে অভিযান চলাই চালানবিহীনভাৱে শিল কঢিয়াই থকা অৱস্থাত দুখন ডাম্পাৰ জব্দ কৰে ৷

Dumpers seized in raid by Bargang Forest Department in Behali
চালানবিহীন ডাম্পাৰ জব্দ

By

Published : Jan 25, 2023, 7:45 AM IST

বিহালী, 25 জানুৱাৰী: বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ টকৌবাৰী গাঁও-পঞ্চায়ত অন্তৰ্গত বুৰৈঘাট নামে গাঁৱৰ মাজেৰে বৈ গৈছে বুৰৈ নদী (Buroi River)। ব্ৰহ্মপুত্ৰৰ উপ-নদীসমূহৰ ভিতৰৰে এখন হৈছে বুৰৈ নদী । বুৰৈ নদীৰ পাৰ গহপুৰৰ অন্যতম এখন বনভোজস্থলী হিচাপেও জনাজাত । বহু দূৰ-দূৰণিৰ পৰা ইয়াত বনভোজ খাবলৈ অহা বহু লোকৰ সমাগম ঘটে ।

একেধৰণে বৰগাং নদীও হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ আন এখন উপনৈ (Borgang River)। এই বৰগাং নদীৰ উৎপত্তি অৰুণাচল প্ৰদেশৰ দফলা পাহাৰৰ পৰা হৈছে । দফলা পাহাৰৰ মাজেৰে বৈ আহি ব্ৰহ্মপুত্ৰ নদীৰ সৈতে সংগমৰ আগতেই নদীখনে আন দুখন উপনৈ নাওমৰা আৰু ডিকাল লাভ কৰে । শেহতীয়াকৈ নদীখনে বৰগাং অঞ্চলত নদীৰ দাঁতি খহাই খহনীয়াৰ সৃষ্টি কৰাৰ লগতে সমগ্ৰ অঞ্চলটোলৈ বানৰ সংহাৰৰ ভাবুকি সৃষ্টি কৰিছে ।

চালানবিহীন ডাম্পাৰ জব্দ

প্ৰকৃতিৰ এনে ৰুষ্ট ৰূপৰ মাজতে এই উপ নদী দুখনৰ ওপৰত সম্প্ৰতি শেনচকু পৰিছে একাংশ বন-মাফিয়াৰ ৷ নদী দুখনত বন-মাফিয়াই অবৈধভাৱে চলাই গৈছে খনন কাৰ্য ৷ বুৰৈ আৰু বৰগাং নদীৰ পৰা শিল, বালি উঠোৱা আৰু নদীৰ কাষৰ কৃষি ভূমিত মাটিৰ খননত ইতিমধ্যেই আছে বন বিভাগৰ নিষেধাজ্ঞা ৷ কিন্তু ইয়াৰ পাছতো বন বিভাগৰ এই নিষেধাজ্ঞাক অৱমাননা কৰি বন-মাফিয়াই নিৰ্ভীকভাৱে চলাই গৈছে খনন কাৰ্য ৷ কেৱল নদী দুখনৰ বুবুতেই নহয় নহয়, বিহালীৰ বিভিন্ন অঞ্চলতো বন-মাফিয়াই অবৈধ খনন চলাই গৈছে (Dumpers carrying illegal rock in Bargang) ৷

চালানবিহীন ডাম্পাৰ জব্দ

অৱশ্যে নদীৰ বুকুত চলা অবৈধ খননৰ বিৰুদ্ধে বৰগাংস্থিত বন বিভাগে বিভিন্ন সময়ত অভিযান চলাই আহিছে ৷ একেধৰণে নথিবিহীনভাৱে শিল, বালি কঢ়িওৱা কঢ়িওৱা বাহনবোৰৰ বিৰুদ্ধেও বন বিভাগে অব্যাহত ৰাখিছে অভিযান (Bargang forest departments drive against land mafia) । এনে অভিযানত ইতিমধ্যেই বহু ট্ৰেক্টৰ, ডাম্পাৰ আদি জব্দ কৰিছে বন বিভাগে ৷ মঙলবাৰে পুনৰ বন বিভাগৰ এটা দলে নথিপত্ৰ বিহীনভাৱে শিল, বালি কঢ়িওৱা বাহনৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰে আন এক সফলতা ৷ অভিযানকালত বৰঝাণি অঞ্চলৰ পৰা চালানবিহীনভাৱে শিল-বালি কঢ়িওৱা দুখন ডাম্পাৰ বন বিভাগৰ অভিযানকাৰী দলটোৱে জব্দ কৰে (Forest department seized dumper) । জব্দ কৰা ডাম্বাৰ দুখনৰ নম্বৰ হৈছে AS 12BC6612 আৰু AS12BC6308 ৷

উল্লেখযোগ্য যে বিগত দুটা মাহত বৰগাং বনাঞ্চলিক বিষয়া চক্ৰপাণি ৰয়ৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে ১০ খনৰো অধিক ডাম্পাৰ আৰু ২০ খনৰো অধিক টেক্টৰ জব্দ কৰিবলৈ সক্ষম হৈছে (Dumpers seized in Behali) ৷ জব্দকৃত বাহনসমূহৰ পৰা বিভাগে ৫০ হাজাৰৰ পৰা ১ লাখ ২০ হাজাৰ টকা পৰ্যন্ত জৰিমনা সংগ্ৰহ কৰিছে বন বিভাগে ৷ কিন্তু ইয়াৰ পাছতো বন্ধ হোৱা নাই অবৈধভাবে শিল,বালিৰ সৰবৰাহ ৷ বন-মাফিয়াৰ লগতে অবৈধভাৱে শিল বালি কঢ়িওৱা এনে বাহনসমূহৰ বিৰুদ্ধে আগন্তুক দিনতো অভিযান অব্যাহত থাকিব বুলি বৰংগা বন বিভাগৰ বিষয়াই উল্লেখ কৰে ৷

লগতে পঢ়ক:Dumpers terror on roads in Behali: বিহালীত ডাম্পাৰ-ট্ৰেক্টৰৰ দৌৰাত্মৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details