বিশ্বনাথ, 2 জুলাই :ৰাজ্যত হোৱা প্ৰলয়ংকাৰী বানে উটুৱাই নিলে বহুতৰ সপোনৰ ঘৰখন, সা-সম্পত্তি । বহু পৰিয়ালৰ আপোন ঘৰখন বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ লগতে সকলো শেষ কৰি থৈ গ'ল । বহু আশা বুকুত বান্ধি নিৰ্মাণ কৰিছিল নিজৰ আপোন ঘৰখন । কিন্তু আজি সেই আপোন ঘৰখন নাই । যাৰ ফলত আনৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি জীৱন কটাবলগীয়া হৈছে গহপুৰৰ বানাক্ৰান্ত পৰিয়ালে (Flood at Gohpur)।
উল্লেখযোগ্য যে, যোৱা ২৮ জুনত দিয়া ধাৰাষাৰ বৰষুণৰ ফলত গহপুৰ সমষ্টিৰ তিনিখন পাহাৰীয়া নৈ বালিজান, ব্ৰহ্মাজান আৰু ছত্ৰং নৈ উফন্দি যোৱাৰ ফলত গহপুৰ নগৰৰ অধিকাংশ অঞ্চল জলমগ্ন হয় । নগৰখনৰ বহুকেইটা ৱাৰ্ডত এবুকু পৰ্যন্ত বান হয় । ছয়দুৱাৰ মহাবিদ্যালয়তো খিৰিকী পৰ্যন্ত পানী হয় । যাৰ ফলত মহাবিদ্যালয়খনৰ বহু কম্পিউটাৰ, পুথিভঁৰালৰ কিতাপ-পত্ৰকে ধৰি বহু সা-সম্পত্তি নষ্ট হয় ৷
কিন্তু গহপুৰ জলসম্পদ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা ৰহমৎ আলী হুছেইন আৰু দায়িত্ববাহী কনিষ্ঠ অভিযন্তা শুভজিৎ চক্ৰৱৰ্তীৰ গুৰুত্বহীনতাৰ ফলশ্ৰুতিত লেহেমীয়া গতিৰে মথাউৰি নিৰ্মাণৰ ফলত দ্বিতীয়টো বাঢ়নী পানীয়ে গহপুৰ নগৰৰ বহুকেইটা ৱাৰ্ডত বিস্তৰ ক্ষয়-ক্ষতি কৰে ।
ইফালে যোৱা ফেব্ৰুৱাৰী মাহত জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ছত্ৰং নদীৰ মথাউৰি(Satrang river embankment) মেৰামতিৰ নামত ১৫ কোটিটকীয়া এক আচঁনিৰ কামৰ শুভাৰম্ভ কৰি গৈছিল । কামৰ শুভাৰম্ভৰ পাছতে গহপুৰ জলসম্পদ বিভাগৰ বিষয়া-অভিযন্তাই বিশেষ তৎপৰতা দেখুৱাই পূৰ্ণগতিত কেইদিনমান কাম কৰিছিল যদিও তাৰ পাছতেই লেহেমীয়া গতিৰে কাম কৰিবলৈ আৰম্ভ কৰে বিভাগীয় ঠিকাদাৰে ।
যাৰ ফলত যোৱা ৪ মাহত প্ৰায় ৪০ % শতাংশ কামহে কৰিবলৈ সক্ষম হৈছে ঠিকাদাৰে । আনহাতে ২৮ জুনত দিয়া ধাৰাষাৰ বৰষুণৰ ফলত গহপুৰ পৌৰসভাৰ অন্তৰ্গত ছত্ৰং মাজগাঁও(৮ নং ৱাৰ্ড)ৰ ৰে’লপথৰ কাষত থকা ছত্ৰং নৈৰ মথাউৰিৰ প্ৰায় ৪০ মিটাৰ যোৱা ১৬ মে’ত ছিঙি নিয়াত গহপুৰ নগৰত বানৰ সৃষ্টি হয় । ৮ নং ৱাৰ্ডৰ ১২ টাৰো অধিক পৰিয়ালৰ সম্পূৰ্ণ ঘৰ-দুৱাৰ আৰু সা-সম্পতি পানীত উটি গ'ল । ইয়াৰ ভিতৰত বহু ছাত্ৰ-ছাত্ৰীৰ কিতাপ-পত্ৰ নষ্ট হয় (Flood situation in Biswanath)।