বিশ্বনাথ, 18 জুলাইঃ গহপুৰত পাঁচ ব্যক্তিৰ মহানুভৱতা ৷ শিবিৰত দিনকটোৱা বন্যাৰ্তক নিজাববীয়া প্ৰচেষ্টাৰে খাদ্য-বস্ত্ৰ প্ৰদান । গহপুৰ মহকুমাৰ বালিজান অঞ্চলৰ বিলতীয়া প্ৰাথমিক বিদ্যালয়ৰ লৌগুটি,বৰতামুলী আদি গাঁৱৰ বন্যাৰ্ত সকলে দিন ৰাতি অতিবাহিত কৰিছে । দুখ দুৰ্দশাৰ মাজেৰে চৰকাৰৰ ফালৰ পৰা পোৱা অন্ন গ্ৰহণ কৰি আছে যদিও মহানুভৱতাৰ আৰ্দশৰে এসাজ তৃপ্তিৰে বন্যাৰ্ত সকলক আহাৰ যোগান ধৰে পৰাণ চলিহা,তেখেতৰ মাতৃ লাৱন্য চলিহা,পত্নী মমতা আগৰৱালা চলিহাই ৷ বান শিবিৰত থকা 20 টা পৰিয়ালৰ 60 জনৰো অধিক বন্যাৰ্তক নিশাৰ আহাৰ যোগান ধৰে ৷ পৰাণ চলিহাৰ এনে মহানুভৱতাক শিবিৰত থকা বন্যাৰ্তই শলাগ লয় ৷
গহপুৰত পাঁচ ব্যক্তিৰ মহানুভৱতা - assam news
বান শিবিৰত থকা 20 টা পৰিয়ালৰ 60 জনৰো অধিক বন্যাৰ্তক নিশাৰ আহাৰ যোগান ধৰে ৷ পৰাণ চলিহাৰ এনে মহানুভৱতাক শিবিৰত থকা বন্যাৰ্তই শলাগ লয় ৷
গহপুৰত পাঁচ ব্যক্তিৰ মহানুভৱতা
উল্লেখ্য যে, 15 জুলাইৰ নিশাও বিতীয়াৰ উদীয়মান যুৱক ৰিপুন ৰাজখোৱাই শিবিৰৰ লোক সকলক নিশাৰ আহাৰ যোগান ধৰাৰ উপৰিও স্থানীয় প্ৰতিষ্ঠিত ব্যৱসায়ী ভদ্ৰী শৰ্মা আৰু বেদান্ত বৰুৱা নামৰ যুৱকজনে ডাঠকলাৰ বন্যাৰ্ত শিবিৰৰ 70 টা পৰিয়ালক বস্ত্ৰ প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে । আনহাতে, সংস্কৃতি প্ৰেমী যাদৱ চলিহাইও বিলতীয়া প্ৰাথমিক বিদ্যালয়ত শিবিৰ পাতি বাসকৰা লোকসকলক বস্ত্ৰ প্ৰদান কৰে ৷