বিশ্বনাথ, 26 মে’: এজাক বৰষুণতে পুখুৰী সদৃশ এটা ৰাষ্ট্ৰীয় ঘাইপথ । বিশ্বনাথৰ মোনাবাৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো এজাক বৰষুণৰ ফলতে পানী জমা হৈ পুখুৰী সদৃশ হৈ পৰে । পুখুৰী সদৃশ হোৱা বাবে পথটোত কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷
ইফালে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ যোৱা পথটো ফ’ৰলেন যুক্ত পথ হিচাপে নিৰ্মাণ হৈ থকাৰ বাবে পথটো অধিক বেয়া অৱস্থালৈ ৰূপান্তৰিত হৈছে বুলি অভিযোগ উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ বিশ্বনাথ জিলা সমিতিৰ সভাপতি কমল জিৎ দত্তই ৷ তেওঁৰ অভিযোগ অনুসৰি, অৰুণাচল টি.কে. নামৰ ফ’ৰলেন যুক্ত পথটোৰ নিৰ্মাণ সংস্থাই পথটো লেহেমীয়া গতিত নিৰ্মাণ কৰাৰ ফলতেই এই পথটো দিনে দিনে অধিক বেয়াৰ ফালে ঢাল খাইছে ৷