বিশ্বনাথ, ২৩ জুলাইঃ তৃতীয়টো বানৰ কবলত বিশ্বনাথ জিলা গহপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণাঞ্চলৰ 6 খনকৈ গাঁও পঞ্চায়ত ৷ ইয়াৰ ফলত হাহাকাৰৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ৷
বানত পুনৰ বুৰ গ’ল গহপুৰ মহকুমাৰ কেবাখনো গাঁও গহপুৰ মহকুমাৰ বাকৰি পঞ্চায়তৰ গোপালজাৰনি,সৰুতামুলী,বৰতামুলী,ঠুটেচাপৰিকে ধৰি কেইবাখনো গাঁও সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে ৷ বানপানীত সকলো সা-সম্পত্তি হেৰুৱাই একমাত্ৰ নিজৰ জীৱনটো ৰক্ষা কৰিবলৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্ত লোক সকলে ৷
খাদ্যৰ অভাৱকত দুৰ্ভোগ ভুগিছে বানাক্ৰান্ত সকলে ৷ বিপদত পৰা সেই সকল ৰাইজৰ খবৰ ল’বলৈ আহৰি পোৱা নাই কোনো জন প্ৰতিনিধি অথবা প্ৰশাসনৰ লোকে !গহপুৰৰ দক্ষিনাঞ্চলত থকা বান শিবিৰৰ অৱস্থা তেনেই পুতৌলগা ৷ শিবিৰ সমূহত আছে 1 ৰ পৰা 5 বছৰীয়া দহজনৰো অধিক শিশু ৷ কিন্তু শিশু সকলৰ বাবেও নাই কোনো পুষ্টিকৰ খাদ্য ৷
শিবিৰসমূহত বসবাস কৰিছে শিশুৰ পৰা বৃদ্ধ লোকে ৷ কিন্তু তাত নাই কোনো সামাজিক দূৰত্ব ৷ কৰ’ণা সংকটৰ সময়ত এইটোয়ো হৈ পৰিছে এক চিন্তনীয় বিষয় ৷
লগতে পঢ়কঃঅখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ: তাৰ মাজতে ঘটিল অঘটন