বিশ্বনাথ,৯ জুন:কৰ'ণা সংক্ৰমণৰ সমান্তৰালকৈ ৰাজ্যত আৰম্ভ হৈছে বানৰ তাণ্ডৱ ।যোৱা কেইদিনমান ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত দিৰিং নদীৰ বাঢ়নী পানীয়ে মঙ্গলবাৰে নিশা বৰপথাৰ অঞ্চলৰ বিৰজা লাইনৰ সমীপৰ মথাউৰি ছিঙি নিয়ে । ফলত নদীৰ বাঢ়নী পানীয়ে বৰপথাৰ অঞ্চলৰ ১নং বৰপথাৰ, ২নং বৰপথাৰকে ধৰি বৰপথাৰৰ বিস্তীৰ্ণ অঞ্চল বেগুনবাৰী, দলংগুৰি, টেঙাবস্তি, বিৰজা লাইন আদি প্ৰায় ২০ খনৰ অধিক গাওঁ জলমগ্ন কৰি তোলে ।
আনহাতে দিৰিং নদীৰ বাঢ়নী পানীয়ে বালিচাং-কমাৰজান গড়কাপ্তানী বিভাগৰ পথতো ছিঙি ৰাইজৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন কৰি তুলিছে। ইফালে ঘিলাধাৰী নদীৰ বাঢ়নী পানীৰ ফলত বৰপথাৰ অঞ্চলৰ কেইবাখনো গাওঁ বুৰাই পেলাইছে । হঠাৎ নিশা দুয়োখন নদীৰ বাঢ়নী পানীয়ে গাওঁসমূহ প্লাবিত কৰাত গাওঁবাসীৰ লগতে পশুধনৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।