বিশ্বনাথ, 28 আগষ্ট : ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ । ৰাজ্য কেইবাখনো জিলাৰ বিভিন্ন অঞ্চল ভদীয়া বানৰ কবলত । বৰ্তমানেও বানৰ বাবে ৰাজ্যৰ 11 জিলাৰ প্ৰায় 500 অধিক গাওঁ পানীৰ তলত আছে । ইফালে কেইবাদিনো ধৰি দিয়া ধাৰাসাৰ বৰষুণৰ ফলত ওফন্দি উঠিছে নদীসমূহৰ জলস্তৰ ৷ আনহাতে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলত বানে লৈছে কালৰূপ ।
জিলাখনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী গাঁৱত বানৰ সংহাৰী ৰূপ ৷ অসমৰ লগতে অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে প্লাবিত হৈ পৰিছে বিশ্বনাথৰ 1 নং গজেন পথাৰ, মাইনাওশ্ৰী, কাৰ্বিব্লক-ক্ৰআৰং আৰু দেৰহাচাৰ গাঁও ৷ পাহাৰৰ পৰা নামি অহা পলসে পুতি পেলালে খেতিপথাৰ, চাহবাগিছা, তামোলবাৰী আদি ৷ প্ৰায় 50 টাতকৈ অধিক বাসগৃহত সোমাইছে পানী ৷ এশ বিঘাতকৈও অধিক কৃষিভূমিৰ বিস্তৰ ক্ষতি সাধন হৈছে ৷ নিৰাপদ স্থান বিচাৰি ঢাপলি মেলিছে বানাক্ৰান্তই ৷ অভাৱ হৈছে আশ্ৰয় গৃহৰ ৷ এক অবৰ্ণনীয় পৰিৱেশ ৷