অসম

assam

ETV Bharat / state

সন্দেহজনক অৰুণাচলীৰ গুলীচালনাত নিহত এজন অসমীয়া

বিশ্বনাথৰ অৰুণাচল সীমান্তৰ পাছলগীত চাঞ্চল্য়কৰ ঘটনা । পুনৰ অসমীয়াৰ ওপৰত সন্দেহজনক অৰুণাচলীৰ গুলীবৰ্ষণ। এনডিএফবিৰ দ্বাৰা এই ঘটনা সংঘটিত কৰা বুলি স্থানীয় ৰাইজৰ সন্দেহ ।

Firing at Assam Arunachal Border, Biswanath Dist, One killed
Firing at Assam Arunachal Border, Biswanath Dist, One killed

By

Published : Jun 16, 2020, 6:48 PM IST

Updated : Jun 16, 2020, 10:45 PM IST

বিশ্বনাথ,16 জুন: অসম-অৰুণাচল সীমান্তত পুনৰ অসমীয়াৰ ওপৰত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনাই জোঁকাৰি গৈছে বিশ্বনাথ জিলা ৷ খৰি কাটিবলৈ যোৱা এজন আদিবাসী লোকক সন্দেহজনক অৰুণাচলী দুৰ্বৃত্তৰ গুলীয়াই হত্যা ৷ বিশ্বনাথৰ অৰুণাচল সীমান্তৰ পাছলগীত সংঘটিত হৈছে এই ঘটনা ৷ নিহত ব্যক্তিজনৰ নাম বিনোদ ৰাজগড় ৷

সন্দেহজনক অৰুণাচলীৰ গুলীচালনাত নিহত এজন অসমীয়া

জানিব পৰা মতে,দুদিন পূৰ্বে বিনোদ ৰাজগড় আৰু তেওঁৰ বন্ধু সোমইনা দৈমাৰীয়ে বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তলৈ গৈছিল খৰি কাটিবলৈ । কিন্তু কোনো দুৰ্বৃত্তই বিনোদ ৰাজগড়ক গুলীয়াই হত্যা কৰি সেই স্থানতে পেলাই থৈ যায় । লগে লগে সেই স্থানৰ পৰা মৃত বিনোদৰ বন্ধু সোমইনা দৈমাৰীয়ে পলায়ন কৰি মৃত বিনোদৰ পৰিয়ালক অৱগত কৰে এই কথা । তাৰ পিছতেই মৃত বিনোদৰ পৰিয়ালৰ লোকে গাঁওখনৰ কেইজনমান লোকক লৈ সেই স্থানৰ পৰা লৈ আহে মৃত বিনোদৰ নিথৰ দেহ ।

এই ঘটনাৰ খবৰৰ পাচতেই মৃত বিনোদৰ ঘৰত উপস্থিত হৈছে দণ্ডাধীশৰ লগতে বিশ্বনাথ জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়াসকল । ইতিমধ্য়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বিশ্বনাথ আৰক্ষীয়ে ৷ সোধ-পোছৰ বাবে মৃত বিনোদৰ বন্ধু সোমইনা দৈমাৰীকো আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে ৷ মৃত বিনোদৰ দেহত পোৱা গৈছে গুলীৰ অৱস্থিতি ৷

উল্লেখ্য যে,সীমাক কেন্দ্ৰ কৰি অসম আৰু অৰুণাচলৰ মাজত দীৰ্ঘদিন ধৰি চলি আহিছে বিবাদ । বিগত সময়তো অৰুণাচলী দুৰ্বৃত্তই কেইবাবাৰো সীমান্তত গুলীচালনা সংঘটিত কৰা ঘটনা পোহৰলৈ আহিছিল ৷ আনহাতে স্থানীয় লোকে এই ঘটনাত এনডিএফবি জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ কিয়নো বিগত সময়ত উক্ত অঞ্চলটোৰ আদিবাসী লোকসকলৰ ওপৰত এনডিএফবিয়ে সংঘটিত কৰিছিল নিৰ্মম অত্যাচাৰ ৷

এতিয়া স্থানীয় ৰাইজৰ প্ৰশ্ন কিমান দিনে এনেকৈ ভয়ে-ভয়ে দিন কটাব লাগিব ? কেতিয়াবা অৰুণাচলী দুৰ্বৃত্ত কেতিয়াবা আকৌ উগ্ৰপন্থীৰ গুলী,কিয় প্ৰতিবাৰে আদিবাসী সকল টাৰ্গেট হ'বলগীয়া হৈছে । কিয় আৰক্ষী প্ৰশাসনে আদিবাসী সকলক নিৰাপত্তা দিবলৈ ব্যৰ্থ হৈছে । শীঘ্ৰেই এই সন্দৰ্ভত আটছাই সীমা নিৰ্ধাৰণ আৰু সীমান্তত বসবাস কৰা প্ৰতিজন লোকক নিৰাপত্ত দিবলৈ দাবী জনাইছে প্ৰশাসন তথা চৰকাৰক ।

আনহাতে প্ৰকৃততে কোনে গুলীয়াই হত্যা কৰিলে লোকজনক তদন্তৰ পাছত হে ক'ব পৰা যাব বুলি উল্লেখ কৰে দণ্ডাধীশ বিশ্বজিৎ শইকীয়াই । বিশ্বনাথ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালী প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে চাওকঃ 8 জুনত বিজেপিৰ ভাৰ্চুৱেল ৰেলী

Last Updated : Jun 16, 2020, 10:45 PM IST

ABOUT THE AUTHOR

...view details