অসম

assam

ETV Bharat / state

Felicitation meeting: বিশ্বনাথৰ ছেলাইখাতিত সম্বৰ্দ্ধনা সভা - Signatory to peace accord Dipen Nayak felicitated

বিশ্বনাথৰ ছেলাইখাতিত উদুলিমুদুলি পৰিবেশৰ মাজত অনুষ্ঠিত হয় সম্বৰ্দ্ধনা সভা(Felicitation meeting at Selaikhati in Biswanath) । আদিবাসী শান্তি চুক্তিত স্বাক্ষৰকাৰী দীপেন নায়কসহ তেঁওৰ সতীৰ্থসকলক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে সীমান্তবাসী ৰাইজে(Signatory to peace accord Dipen Nayak felicitated) ।

Felicitation meeting at Selaikhati in Biswanath
বিশ্বনাথৰ ছেলাইখাতিত সম্বৰ্দ্ধনা সভা

By

Published : Oct 18, 2022, 1:49 PM IST

বিশ্বনাথ,১৭ অক্টোবৰ:বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ ছেলাইখাতি বনগাঁৱত আদিবাসী গীত-নৃত্যৰে উষ্ম আদৰণি জনালে আদিবাসী শান্তি চুক্তি(Tribal Peace Accord)ৰ স্বাক্ষৰকাৰী দীপেন নায়কসহ তেওঁৰ সতীৰ্থ সকলক(Felicitation meeting at Selaikhati in Biswanath) ৷ সোমবাৰে বিয়লি বালিচাঙৰ পৰা বাইক ৰেলীৰে আদৰি অনা দলটোক পৰম্পৰাগত নীতি-নিয়ম মাজেৰে অতিথি সেৱাৰ কৰাৰ পাছত চাওঁতালী নৃত্য, আদিবাসী নৃত্য, গণ্ডৱানা আৰু পৰজা নৃত্যৰ দলে উষ্ম আদৰণি জনাই মঞ্চলৈ আদৰি আনে ৷

বিশ্বনাথৰ ছেলাইখাতিত সম্বৰ্দ্ধনা সভা

কাৰ্যসুচী অনুসৰি প্ৰথমে বীৰ শ্বহীদ সিধু মুৰ্মু,কানহু মুৰ্মু আৰু বিৰছা মুৃণ্ডাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনাই আদিবাসী শান্তি চুক্তি স্বাক্ষৰকাৰী দীপেন নায়কৰ লগতে সংগ্ৰামী সংগঠনৰ বিষয়ববীয়া সকলে ৷ অসম অৰুণাচল সীমান্তৱৰ্তীৰ ছেলাইখাতি বনগাঁৱকে ধৰি পাচখনকৈ গাঁৱৰ ৰাইজৰ উদ্যোগত হোৱা অভিনন্দন আৰু সম্বৰ্দ্ধনা অনুষ্ঠানত জাতিৰ হকে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলৰ আত্মাৰ শান্তিৰ কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়(Felicitation ceremony at Biswanath) ৷

ইয়াৰ পাছত উদযাপন সমিতিৰ সভাপতি আগষ্টিন তিৰ্কীয়ে আঁত ধৰা মুলসভাত সম্বৰ্দ্ধনা জনোৱা হয় দীপেন নায়ক আৰু তেওঁৰ সহযোগী সকলক(Signatory to peace accord Dipen Nayak felicitated) ৷ ইয়াৰ উপৰিও ছেলাইখাতিবাসী ৰাইজৰ হৈ অভিনন্দন পত্ৰও প্ৰদান কৰা হয় ৷ ৰাইজৰ বিপুল উছাহ উদ্দীপনাৰ মাজেৰে মুখ্য অতিথি দীপেন নায়কে ঐতিহাসিক আদিবাসী শান্তি চুক্তিত ৰূপায়িত হ'বলগা দিশসমুহৰ ওপৰত বিস্তৃত বিৱৰণ দাঙি ধৰে ৷

লগতে আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা জন তিৰ্কীৰ লগতে কেইবাগৰাকী সংগ্ৰামী নেতাই সভাত বক্তব্য ৰাখে ৷ অনুষ্ঠানৰ মাজে মাজে চাওঁতালী বাহা নৃত্য, গণ্ডৱানা নৃত্য, পৰজা আৰু আদিবাসী নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ৷ প্ৰায় সহস্ৰাধিক লোক উপস্থিত থকা সভাত সৰ্বতো দিশে সাফল্যমণ্ডিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে উদযাপন সমিতিৰ সভাপতি সম্পাদক ক্ৰমে আগষ্টিন তিৰ্কী আৰু দেবেশ্বৰ চাওঁতালে ৷

লগতে পঢ়ক:Potters in crisis: সংকটত ৰাজ্যৰ মৃৎমৃ শিল

ABOUT THE AUTHOR

...view details