বিশ্বনাথ, ১০ মাৰ্চ :বৃহস্পতিবাৰে গহপুৰৰ ককিলা পথাৰত এটি শিশুৰ মৃতদেহ উদ্ধাৰক লৈ তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় (child body recovered at gohpur) । লগতে শিশুটিৰ পিতৃ শচীন বৰদলৈও নিৰুদ্দেশ হৈ আছিল বৃহস্পতিবাৰৰ পৰা । ইফালে শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ২৪ ঘটনা পিছতেই প্ৰকৃত ঘটনা পোহৰলৈ আহে (mysterious murder case at gohpur) । জানিব পৰা মতে, শুকুৰবাৰে পুৱা ৫ মান বজাত নিৰুদ্দেশ হৈ থকা পিতৃ শচীনে হাতত এখন দা লৈ নিজ ঘৰত উপস্থিত হৈ অন্য লোকক ঘৰলৈ অহাত বাধা দিয়ে । তাৰ পিছতে প্ৰকৃত ঘটনাটো পোহৰলৈ আহে ৷
স্থানীয় লোকক শচীন বৰদলৈয়ে তেওঁৰ ঘৰলৈ যোৱাত বাধা প্ৰদান কৰাত ৰাইজৰ সন্দেহ হয় (father killed son at gohpur biswanath) । তাৰ পিছতে গাঁৱৰ ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী আহি উপস্থিত হৈ শচীন বৰদলৈক গ্ৰেপ্তাৰ কৰি লৈ যায় । ইফালে শচীনে নিজ সন্তানক হত্যা কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে । জানিব পৰা মতে, পাৰিবাৰিক কন্দলৰ বাবেই নিজ পুত্ৰক হত্যা কৰাৰ কথা আৰক্ষীক উল্লেখ কৰে শচীনে । ঘটনা অনুসৰি, বৃহস্পতিবাৰে পুৱাতেই গৰু দিবলৈ আহি গাঁৱৰ ৰাইজে পথাৰত প্ৰত্যক্ষ কৰে এটা শিশুৰ মৃতদেহ । মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে গহপুৰ আৰক্ষীক খবৰ দিয়ে ।