ৰাসথলীত প্ৰকাশ্যে পিতা-পুত্ৰক চোকা অস্ত্ৰৰে হানি খুঁচি হত্যা বিশ্বনাথ , 19 ডিচেম্বৰ: পুনৰ এক শিহৰণকাৰী হত্যাকাণ্ডই জোকাৰিছে অসম ৷ দিনক দিনে যেন মানুহৰ হত্যা মানুহৰ বাবেই এক আসুৰিক তৃপ্তি ৷ জীৱশ্ৰেষ্ঠ মানৱ আজি হৈ উঠিছে দানৱ ৷ সাধাৰণ ঘটনাক কেন্দ্ৰ কৰিয়েই মানুহে মানুহৰ তেজেৰে ৰাঙলী কৰিছে নিজৰ হাত ৷
বিশ্বনাথ জিলাৰ গহপুৰ মহকুমা আৰক্ষী থানা অন্তৰ্গত পূব কলাবাৰী দেউৰীচুকত সোমবাৰে নিশা এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । ৰাস অনুষ্ঠানৰ মাজতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা ৷ পিতা-পুত্ৰক চোকা অস্ত্ৰৰে হানি খুঁচি হত্যা কৰে কোনো লোকে ।
জানিব পৰা মতে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গহপুৰৰ পূব কলাবাৰীৰ দেউৰীচুকতো ৰাস অনুষ্ঠান অনুষ্ঠিত হৈ আছিল ৷ ৰাসৰ মাজতেই পিতা-পুত্ৰৰ কোনো লোকৰ সৈতে সামান্য মনোমালিন্য হয় ৷ এই মনোমালিন্যৰ ফলতেই গাঁওখনৰে অকণ বৰদলৈ, মদন বৰদলৈৰ লগতে পিতৃ কৃষ্ণ বৰদলৈয়ে দুয়ো পিতা-পুত্ৰত চোকা অস্ত্ৰৰে হানি খুঁচি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ পিতৃ হিতেশ্বৰ শইকীয়া (47)আৰু সীমান্ত শইকীয়া (25) ক পেটত চোকা অস্ত্ৰৰে হানি খুঁচি হত্যা কৰে ।
এই ঘটনা পোহৰলৈ অহাৰ পিচতে মৃত দুজনৰ ঘৰত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত খবৰ লাভ কৰি গহপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি সোধা পোছা কৰিছে ৷ আৰক্ষীয়ে অভিযোগৰ ভিত্তিত তিনিও অভিযুক্তকে আটক কৰিছে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত কিয় এই ঘটনা সংঘটিত হ’বলৈ পালে তাৰ কাৰণ পোহৰলৈ আহিব ৷
লগতে পঢ়ক:People For Animal ৰ চৌহদত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰ্মচাৰীৰ মৃতদেহ