অসম

assam

ETV Bharat / state

গহপুৰৰ হেলেমত কৃষকৰ বিলৈ

খৰাং বতৰৰ বাবে ৰাজ্যৰ কৃষকসকল চিন্তাত পৰিছে । কষ্টৰে কৰা ধানৰ খেতিত এতিয়া ছিৰাল ফাঁট মেলিছে (Draught condition in Assam)। জলসিঞ্চন বিভাগৰ বহু আঁচনি বিকল হৈ আছে । গহপুৰ হেলেমত নাই জলসিঞ্চন বিভাগৰ কোনো সু-ব্যৱস্থা ।

By

Published : Sep 3, 2022, 12:18 PM IST

Updated : Sep 3, 2022, 3:00 PM IST

Draught condition in Assam
গহপুৰৰ হেলেমত কৃষকৰ বিলৈ

গহপুৰ,৩ ছেপ্টেম্বৰ :বছৰত দুটাকৈ ভয়ংকৰ বানে জুৰুলা কৰা কৃষকসকল এইবাৰ আন এক সংকটত পৰিছে (Assam farmers crisis)। বানৰ বাবে খেতি কৰাত পলম হোৱাৰ পাছত এইবাৰ কৃষকৰ পথাৰত নাই পানী । যাৰ বাবে শালিধানৰ পথাৰত ঠায়ে ঠায়ে মেলিছে ছিৰাল ফাঁট‌ (Draught condition in Assam)।

অসমৰ প্ৰায়বোৰ খেতিয়কেই একে সমস্যাৰ সন্মুখীন হৈছে । খেতিৰ ওপৰতে নিৰ্ভৰশীল কৃষকসকলে এতিয়া ভৱিষ্যতৰ কথা চিন্তা কৰি মূৰে-কপালে হাত দিছে ।

গহপুৰৰ হেলেমত কৃষকৰ বিলৈ

একেই পৰিৱেশ বিশ্বনাথ জিলাৰ গহপুৰত । খৰাং বতৰৰ বাবে চিন্তিত হৈ পৰিছে গহপুৰৰ হেলেমৰ সাধাৰণ কৃষকসকল । পথাৰত এতিয়া এটুপি পানী নাই । যোৱা দুটাকৈ বানে অঞ্চলটোৰ বহু খেতি পথাৰ নষ্ট কৰিছে ।

বালিয়ে পুতি পেলাইছে বহু পথাৰ । তাৰ মাজতে কোনো মতে কৃষকসকলে বছৰৰ খেতি কৰিছিল যদিও এতিয়া খৰাং বতৰে কৃষকৰ আশাত চেঁচাপানী ঢালিছে । খৰাং বতৰৰ বাবে হেলেম ৰাজহ চক্ৰ অধীনৰ আমলখি দলনি, লেপেটা পাৰা, গমিৰিকে আদি কৰি বহু অঞ্চলৰ কৃষক প্ৰভাৱিত হোৱা দেখা গৈছে (Water crisis in paddy field)।

লক্ষণীয়ভাৱে অঞ্চলটোত নাই জলসিঞ্চন বিভাগৰ এটাও আঁচনি । যাৰ বাবে বছৰি এনেদৰে কৃষকসকল বিপদ পৰা দেখা যায় । সেয়েহে অঞ্চলটোৰ দৰিদ্ৰ কৃষকসকল চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে । অতি শীঘ্ৰে অঞ্চলটোত কৃষকৰ সহায়ৰ বাবে জলসিঞ্চন বিভাগৰ আঁচনি ৰূপায়ণৰ বাবে কৃষকসকলে দাবী জনাইছে ।

অসম চৰকাৰৰ বিয়াগোম জলসিঞ্চন বিভাগ থকাৰ পাছতো ৰাজ্যৰ কৃষকসকলে এনেদৰে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাটো অতি উদ্বেগৰ কাৰণ হৈ পৰিছে (Assam irrigation department failure)। কৃষকৰ এই সমস্যা আজিৰ নহয় । বছৰ বছৰ ধৰি কৃষকসকলে এই সমস্যাৰ সন্মুখীন হৈ আহিছে ।

কিন্তু চৰকাৰে কৃষকৰ সুবিধাৰ্থে ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হোৱা দেখা গৈছে । কৃষি প্ৰধান ৰাজ্যখনত যদি কৃষকৰ বাবেই কাম কৰিব নোৱাৰে তেনেহ'লে উন্নয়নৰ কথা কোৱা চৰকাৰে বাকী ক্ষেত্ৰৰ উন্নয়নৰ বাবে কি কৰিব ?

লগতে পঢ়ক :ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ত ন-পুৰণি শিক্ষাৰ্থী সন্মিলন

Last Updated : Sep 3, 2022, 3:00 PM IST

ABOUT THE AUTHOR

...view details