বিশ্বনাথ, ১ আগষ্ট : ভাৰতীয় প্ৰশাসনীয় সেৱাৰ ২০১৯ বৰ্ষৰ বিষয়া, অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিৱানীক মঙলবাৰে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বিগত ৪ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰূপে দায়িত্বভাৰ গ্ৰহণ কৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া গৰাকী শেহতীয়াকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত হিচাপে বদলি হোৱাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
বিশ্বনাথৰ মহকুমাধিপতিৰ সন্মিলন কক্ষত মঙলবাৰে বিয়লি অতিৰিক্ত উপায়ুক্ত(ৰাজহ) মানস কুমাৰ শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাখনিত উপস্থিত সকলো বিষয়া কৰ্মচাৰীয়ে বিগত প্ৰায় পাঁচ মহীয়া নাতিদীৰ্ঘ সময়ছোৱাত লাভ কৰা মহকুমাধিপতি গৰাকীৰ সান্নিধ্য আৰু কৰ্মৰ অনুপ্ৰেৰণাৰ বিষয়ে উল্লেখ কৰে । বিদায়ী অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিগৰাকীয়ে গুপ্তকাশীৰূপে খ্যাত বিশ্বনাথৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁক সকলো শ্ৰেণীৰ ৰাইজ আৰু বিষয়া কৰ্মচাৰীসকলে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।